CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি…

CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি চলা তীব্ৰ প্ৰতিবাদ কিছু পৰিমাণে শাম কাটিছে। বিগত কেইটামান দিনত উত্তৰ-পূবৰ লগতে অসমৰ প্ৰায় প্ৰতিটো প্ৰান্তত সাধাৰণ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন স্থানত বিক্ষিপ্ত তথা হিংসাত্মক কাৰ্যকলাপ সংঘটিত হোৱাৰ লগতে অশান্তজৰ্জৰ পৰিস্থিতিত প্ৰাণ হেৰুৱালে ৪ জনকৈ লোকে।

বিগত দিনকেইটাত হিংসাত্মক তথা বিক্ষিপ্ত ঘটনাত জড়িত থকাৰ অভিযোগত বৰ্তমানৰ লৈকে ৰাজ্যৰ ৮৫ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাশ লোকক কৰা হৈছে আটক। এই সকলোবোৰৰ উপৰিও ৰাজ্যৰ ভিন্নস্থানৰ ভিজুৱেল সংগ্ৰহ কৰি কোন লোকৰ দ্বাৰা এনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে তাৰ চিনাক্তকৰণ প্ৰক্ৰিয়ায়ো ইতিমধ্যে আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

বিগত দিনকেইটাত অব্যাহত থকা প্ৰতিবাদৰ নেতৃত্ব লোৱা বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ একাংশক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আন একাংশক গ্ৰেপ্তাৰ কৰাৰ প্ৰস্তুতি চলাইছে আৰক্ষীয়ে। উল্লেখ্য যে, ইতিমধ্যে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱালৰ লগতে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা শতাধিক লোকক আটক-গ্ৰেপ্তাৰ কৰা হৈছে।

পুনৰ যাতে গণতান্ত্ৰিক প্ৰতিবাদৰ নামত এনে হিংসাত্মক কাৰ্যত অংশ নলয় তাৰ বাবে আৰক্ষীয়ে সকলোকে আহ্বান জনাইছে। যদি কোনো লোকে আৰক্ষীৰ এই আহ্বান অমান্য কৰি তেনে কাৰ্যত লিপ্ত হয় তেন্তে কঠোৰ প্ৰদক্ষেপ লোৱাৰ কথাও সদৰি কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। লগতে তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, 'যোৱা ৩ দিনত অসম আৰক্ষীয়ে অতি সংযমেৰে নিজৰ সকলো কৰ্তব্য সম্পাদন কৰি গৈছে। বিগত দিন কেইটাত অসম আৰক্ষীৰ বহুকেইজন বিষয়া, জোৱান হিংসাত্মক কাৰ্যৰ বলি হোৱাৰ লগতে ৰাজহুৱা সম্পত্তি, বহুকেইখন আৰক্ষীৰ বাহনো নষ্ট হৈছে, তাৰপিছতো পৰিস্থিতি সংযমেৰে শান্তিপূৰ্ণ চম্ভালি আছে অসম আৰক্ষীয়ে। ইয়াৰ পিছতো হিংসাত্মক পন্থা অৱলম্বন কৰিলে অধিক কঠোৰ হ'বলৈ বাধ্য হ'ব আৰক্ষী।'

উল্লেখ্য যে, বিগত দিনকেইটাত ৰাজ্যত শতাধিক প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে নিহত হৈছে ৪ জনকৈ যুৱক। নাগৰিকত্ব সংশোধনী আইনক বিৰুদ্ধে চলা তীব্ৰ প্ৰতিবাদক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ গুলীত প্ৰথমে প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ লাচিত নগৰত ছয়গাঁৱৰ দীপাঞ্জল দাস নামৰ ১৮ বছৰীয়া যুৱকজনে। ইয়াৰ পাছতে মহানগৰীৰ হাঁতীগাঁৱত মৃত্যু হৈছিল ছেমচন ষ্টেফ'ড নামৰ সোতৰ বছৰীয়া কিশোৰজন।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী এই প্ৰতিবাদত ৰাজ্যত বিভিন্ন প্ৰান্তত গুলীবিদ্ধ হৈছে অৰ্ধশতাধিক প্ৰতিবাদকাৰী। ১২ ডিচেম্বৰৰ নিশা গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীৰ গুলীত নিহত হৈছিল এজন প্ৰতিবাদকাৰী। ইফালে চি আৰ পি এফৰ আক্ৰমণত আহত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা এজন যুৱকৰো শনিবাৰে মৃত্যু হয়। প্ৰাপ্ত খবৰনুসৰি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে ২৭ জন প্ৰতিবাদকাৰী। ইয়াৰে কেইবাজনো আছে আই চি ইউত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in