‘কা’ বিৰোধী প্ৰতিবাদত অচল ৰাজধানী চহৰ দিল্লী, বাতিল হ’ল কুৰিৰোধিক বিমান, তীব্ৰ যান জঁটত ব্যাহত যাতায়ত…

‘কা’ বিৰোধী প্ৰতিবাদত অচল ৰাজধানী চহৰ দিল্লী, বাতিল হ’ল কুৰিৰোধিক বিমান, তীব্ৰ যান জঁটত ব্যাহত যাতায়ত…

ডিজিটেল ডেস্কঃ 'কা'ৰ বিৰুদ্ধে দেশৰ আন আন প্ৰান্তৰ লগতে দিল্লীতো তীব্ৰতৰ হৈছে প্ৰতিবাদ। ছাত্ৰ-ছাত্ৰীৰ পৰা সমাজৰ সকলো স্তৰৰ ৰাইজে প্ৰত্যক্ষভাৱে এই প্ৰতিবাদত অংশ লৈছে। নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী তুলিছে প্ৰতিজন লোকে। 'কা'ক লৈ অব্যাহত থকা প্ৰতিবাদৰ বাবে বৃহস্পতিবাৰে দিল্লীত সৃষ্টি হ'ল তীব্ৰ যান জঁটৰ।

দুপৰীয়া ভাগৰে পৰা ৰে'ল, বিমানৰ লগতে যান বাহন চলাচলৰ ক্ষেত্ৰত বহু অসুবিধাই দেখা দিয়ে। দুপৰীয়া ভাগতে বন্ধ কৰি দিয়া হয় ৰাজীৱ চ'কৰ ৰে'ল ওলোৱা-সোমোৱা কৰা গেট। অৱশ্যে পৰৱৰ্তী সময়ত এই গেট খুলি দিয়া হয়।

দিল্লী-গুৰুগ্ৰামতো তীব্ৰ যান জঁটৰ সৃষ্টি হয়। যাৰ বাবে কেবাঘন্টা পলমকৈহে বহুলোক উপস্থিত হয় গন্তব্য স্থানত। ৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা তীব্ৰ যান জঁটৰ বাবে ১৬ খন বিমানৰ চলাচল বাতিল কৰা হয়।

ইণ্ডিগ'ই বাতিল কৰিলে ১৯ খনকৈ বিমান। যান জঁটৰ লগতে আন আন বিভিন্ন কাৰণত বিমানৰ কৰ্মীসকল সময়ত কৰ্মস্থলীত উপস্থিত হ'ব নোৱাৰাৰ বাবে ইণ্ডিগ'ই বাতিল কৰিবলগীয়া হয় বিমানৰ উৰণ।

ইফালে ইণ্ডিগ'ই বিমান বাতিল কৰাৰ লগতে বিমানৰ উৰণৰ সময়ো সলনি কৰি পিছুৱাই। এয়াৰ ইণ্ডিয়াই ৮খন বিমান বাতিল কৰাৰ লগতে যাত্ৰীসকলক তেওঁলোকৰ টিকটৰ পইচা ঘূৰাই দিব বুলিও জনালে। এয়াৰ ইণ্ডিয়াই গুৰুগ্ৰাম-দিল্লী ৰাজপথত সৃষ্টি হোৱা যান জঁটৰ বাবে ১৯ ডিচেম্বৰৰ টিকটৰ পইচা ঘূৰাই দিব বুলি জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in