শেহতীয়া খবৰ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...  •  জীৱন জিন্দাবাদ শ্লোগানেৰে আগবঢ়া নাৰায়ণপুৰৰ এদল শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ…  •  পূজাৰ মাজতে সোনাপুৰত অথন্তৰ : বিদ্যুত বিভাগৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এজনৰ মৃত্য,আনজন গুৰুতৰ ভাবে আহত...

‘কা’ আৰু ‘ই আই এ’ৰ বিৰুদ্ধে চিৰাঙত আছুৰ মানৱ শৃংখল…

216

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বাসুগাঁও চহৰত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন- ২০১৯ (CAA) আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা – ২০২০ (EIA) বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ “মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

কোভিড প্ৰটকল অনুসৰি মুখত মাস্ক আৰু সামাজিক দুৰত্ব বজাই ৰাখি বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থা কাৰ্য্যালয়ৰ সন্মূখত আছু ৰ অৰ্দ্ধ শতাধিক সদস্য সদস্যা সকলে হাতে হাতে প্লেকাৰ্ড লৈ CAA আমি নেমানো, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক, EIA -2020 বাতিল কৰক, আছু জিন্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।

আজি আছুৰ এই “মানৱ শৃংখল কাৰ্য্যসূচী” ত অংশগ্ৰহন কৰি আছুৰ জিলা সভাপতি ৰূপম কুমাৰ দাসে কয় যে অসমৰ ৰাইজক বিজেপি দলে পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰি পৰবৰ্তী সময়ত অসমৰ জনগণৰ তীব্ৰ বিৰোধিতা কৰা সত্বেও বিজেপি চৰকাৰ খনে নাগৰিকত্ব সংশোধনী বিধেয়ক খন লোকসভা আৰু ৰাজ্যসভাত উত্থাপন কৰি আইনত পৰিণত কৰি অসমৰ জনগণৰ ওপৰত নাগৰিকত্ব সংশোধনী আইন-২০১৯ জাপি দিলে যি অসমৰ সংগ্ৰামী জনগনে কেতিয়াও মানি লোৱা নাই আৰু আগলৈ মানি নলয়, তাৰ মাজতে নতুনকৈ পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা – ২০২০ (EIA) জাপি দিলে যাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো । মুঠৰ ওপৰত যেতিয়া লৈকে চৰকাৰে এই CAA আৰু EIA বাতিল নকৰে তেতিয়া লৈকে অসমৰ ৰাজপথত আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি