নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক

নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক

ডিজিটেল সংবাদ, টিহুঃ অসম গণ পৰিষদৰ পাটাছাৰকুছি সমষ্টিৰ টিহু মৌজাৰ অন্তৰ্গত টিহু নগৰ, মাখিবাহা আৰু জলখানা ভঠুৱাখানা আঞ্চলিক সমিতিৰ যৌথ মঞ্চ 'অগপৰ টিহু মৌজা সমন্বয়ৰক্ষী সমিতি'ৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ২০ জানুৱাৰীত টিহু নগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিগত কেবাদিন ধৰি পাটাছাৰকুছি সমষ্টিত অগপ দলৰ বিধায়ক পবিন্দ্ৰ ডেকাই অৱ্যাহত ৰখা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী আন্দোলনৰ অংশ হিচাপে টিহুৰ অগপ দলৰ কৰ্মীসকলে ২০ জানুৱাৰীত টিহু নগৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

বিধায়ক পবিন্দ্ৰ ডেকাৰ বিশেষ তৎপৰতাত হোৱা আৰু অগপৰ নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক লোহিত কলিতাই আঁত ধৰা উপৰ্যুক্ত প্ৰতিবাদী সভাত অগপৰ জ্যেষ্ঠ উপ সভাপতি পবিন্দ্ৰ ডেকাই নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি কয় যে, নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰাতো নিশ্চিত। বিগত ৫০ বছৰৰ ইতিহাস দাঙি ধৰি অগপ বিধায়ক গৰাকীয়ে কয় যে ভাষা সংস্কৃতিৰ ক্ষেত্ৰত অসমত ১৮৩৭ আৰু ১৮৭১ খৃষ্টাব্দৰ পুনৰাবৃত্তি হ'ব। তেওঁ
অসমত ২০২৬ বৰ্ষত হ'বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাব বুলিও আশংকা প্ৰকাশ কৰে।

ভাষা, সংস্কৃতি আৰু শাসন ক্ষমতা অসমীয়াৰ হাতত নাথাকিলে অসমীয়াৰ হাতত কি থাকিব বুলি প্ৰশ্ন কৰি বিধায়ক ডেকাই কেন্দ্ৰীয় চৰকাৰৰ নীতিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিকে ধৰি কেবাশ নাগৰিক উপস্হিত থকা এই প্ৰতিবাদী সভাত অগপ নেতা ডেকাই বীৰ জাতি অসমীয়াই কেতিয়াও পিছুৱাই নাহে বুলি উনুকিয়াই নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত অন্দোলন অৱ্যাহত ৰাখিবলৈ অসমবাসীক আহ্বান জনায়। অপগ দলৰ স্থিতি দোহাৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম উপসভাপতি ডেকাই কয় যে, অগপৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী স্থিতি থকাৰ পাছতো অগপৰ মুষ্টিমেয় একাংশ বিষয়ববীয়াই নিজৰ স্বাৰ্থৰ বাবে সুবিধাবাদী স্থিতি লৈছে।

তেওঁ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে ভোট দিয়া বুলি অভিযোগ কৰি ক্ষুৰধাৰ সমালোচনা কৰে। বিধায়ক ডেকাই অসম চুক্তি মতে বিদেশী নাগৰিক বহিষ্কাৰ হ'বই লাগিব বুলি মন্তব্য কৰে। এই প্ৰতিবাদী সভাত টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভাপতি কমলা ডেকা, চি পি আই (এম) দলৰ নেতা তথা সমাজকৰ্মী কৰুণা কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সম্পাদক নিৰোদ দাস আৰু বজালী সমিতিৰ সভাপতি মৃদুল তালুকদাৰ প্ৰমুখ্যে কোগৰাকী লোকে ভাষণ আগবঢ়াই নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক চোকা সমালোচনাৰে তুলাধুনা দিয়ে। ইয়াৰ পাছতে অগপৰ দলীয় কৰ্মী আৰু সমৰ্থকসকলে হাতে হাতে অগপৰ পতাকা লৈ টিহু নগৰত প্ৰতিবাদী সমদল উলিয়াই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিভিন্ন ধ্বনি দি নগৰখনৰ আকাশ বতাহ মুখৰ কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in