বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সমাৰোহতো নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী, VIDEO

বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সমাৰোহতো নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ দাবী, VIDEO

ডিজিটেল সংবাদ, টিহুঃ টিহু মহকুমাৰ নাথকুছিত ১৯৬৪ খৃষ্টাব্দত প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত বাসন্তী হাইস্কুলৰ ১৯৭৫ খৃষ্টাব্দত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাক্তন সতীৰ্থসকলৰ ৫ জানুৱাৰীত সতীৰ্থ সমাৰোহ এখনি সম্পন্ন হয়। বিদ্যালয়ৰ খেলপথাৰত আয়োজিত সমাৰোহখনিত দীৰ্ঘ দিনৰ মূৰত গুৰু শিষ্যৰ সাক্ষাৎ হোৱা বাবে সকলোকে বাৰুকৈয়ে নষ্টালজিক হোৱা দেখা যায়। এই উপলক্ষে সমাৰোহ উদ্‌যাপন সমিতিৰ সভাপতি সতীশ চন্দ্ৰ দাসৰ সঞ্চালনাত আৰু কোষাধ্যক্ষ ৰাজেন্দ্ৰ নাথ শৰ্মাই আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত সতীৰ্থসকলে হাইস্কুলৰ শিক্ষা দান আৰু ছাত্ৰাৱস্থাৰ অনুভৱ ব্যক্ত কৰি বাসন্তী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মাই কয় যে, বিদ্যালয় এখন প্ৰতিষ্ঠা কৰিবলৈ আমি বহু কষ্ট কৰিবলগীয়া হৈছিল। তেতিয়া  শিক্ষাৰ ক্ষেত্রত বিশেষ সুবিধা নাছিল। তেতিয়াৰ শিক্ষা ব্যৱস্হা আৰু এতিয়াৰ শিক্ষা ব্যৱস্হাৰ মাজত আকাশ-পাতাল পাৰ্থক্য হৈছে।

অনুষ্ঠানত বাসন্তী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক মতিৰাম ৰয়েও আধ্যাত্মিক দিশেৰে বিভিন্ন অনুভৱ ব্যক্ত কৰে। জনপ্ৰিয় সংগীত শিল্পী সতীৰ্থ কুমুদ মেধিৰ লোক গীতেৰে আৰম্ভ কৰা অন্তৰংগ আলাপত টিহু হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক ৰাজেন্দ্ৰ নাথ শৰ্মা, অৱসৰী গ্ৰাম সেৱক জগত পাঠক, নাৰায়ণ দাস, সতীশ দাস, কুমুদ মেধি প্ৰমুখ্যে কেবাগৰাকী সতীৰ্থই নিজৰ অনুভৱ ব্যক্ত কৰি বাৰুকৈয়ে নষ্টালজিক হয়। তদুপৰি নাৰায়ণ বৈশ্যই থিয় নাম পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সতীৰ্থ সমাৰোহ উপলক্ষে পুৱা নাম পঞ্জীয়নৰ পাছত বন্তি প্ৰজ্বলনেৰে সমাৰোহৰ শুভাৰম্ভ কৰে অৱসৰী প্ৰধান শিক্ষক মতিৰাম ৰয়কে ধৰি প্ৰাক্তন শিক্ষক-কৰ্মচাৰী ক্ৰমে ভৱেশ দাস, ফণীধৰ দাস, মথুৰ মজুমদাৰ, গদাধৰ গোস্বামী, হৰিহৰ পাঠক আৰু ধনেশ্বৰ মেধিয়ে। ইয়াৰ পাছতে সমুহীয়া প্ৰাৰ্থনা কৰাৰ পাছত বাসন্তী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মাৰ লগতে সমাৰোহ সমিতিৰ সভাপতি সতীশ চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি জগৎ পাঠক, উপসভাপতি ক্ৰমে নাৰায়ণ দাস, গংগাধৰ লহকৰ, মনোৰঞ্জন শৰ্মা, সতীশ দাস আৰু চন্দ্ৰ কলিতাই ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত, বাসন্তী পূজা খলাত, ডুমুনী চ'কত, বাসন্তী ক্ৰীড়া সন্হাৰ কাৰ্যালয়ৰ সন্মুখত আৰু টিহু ফিডাৰ পথৰ দাঁতিত গছপুলি ৰোপণ কৰে।

১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণৰ পাছত চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়খনৰ অৱসৰী প্ৰধান শিক্ষকদ্বয় মতিৰাম ৰয় আৰু হৰেন্দ্ৰ নাথ শৰ্মা, অৱসৰী শিক্ষক গদাধৰ গোস্বামী, ফণীধৰ দাস আৰু মথুৰ মজুমদাৰ, অৱসৰী কৰ্মচাৰী হৰিহৰ পাঠক আৰু ধনেশ্বৰ মেধি, কৃতী ছাত্র হিতেন দাসক ফুলাম গামোচা, জাপি আৰু মানপত্রৰে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উপৰি উক্ত সভাতে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি গুৰু শিষ্য সকলোৱে প্ৰতিবাদী বিভিন্ন ফলক প্ৰদৰ্শন কৰি অসমীয়া জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহাৰৰ বাবে সজোৰে দাবী সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in