ব্যাসকুছিত মাদক দ্ৰব্য নিবাৰণী সজাগতা সভা…

ব্যাসকুছিত মাদক দ্ৰব্য নিবাৰণী সজাগতা সভা…

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ ব্যাসকুছিত দেওবাৰে সমাজ কল্যাণ বিভাগ, অসমৰ সঞ্চালক আৰু বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ পৃষ্ঠপোষকতাত তথা ব্যাসকুছিৰ ছচিঅ' ইকনমিক এণ্ড ডেভলপমেন্ট চচাইটি(এনজিঅ')ৰ উদ্যোগত এখনি মাদক দ্ৰব্য নিবাৰণী সজাগতা সভা অনুষ্ঠিত হৈ যায়।

এনজিঅ'টোৰ সম্পাদক ছৌকাত আলী সিকদাৰ আৰু সভাপতি বিজুমণি পাঠকে আঁত ধৰা সভাখনত সভাপতিত্বত কৰে ভট্টদেৱ মিলন সমিতিৰ সভাপতি বনমালী ডেকাই। যিকোনো নিচাজাতীয় তথা মাদকদ্ৰব্য সেৱনৰ ফলত হ'ব পৰা ক্ষতি সন্দৰ্ভত বহলাই আলোচনা কৰে বাপুজী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ধীৰু ডেকা, সৰ্থেবাৰী আৰক্ষী থানাৰ সহ:উপ পৰিদৰ্শক কনক চন্দ্ৰ শৰ্মা, বৰপেটা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী কুঞ্জমনি বৰ্মাকে আদি কৰি বিশিষ্ট ব্যক্তি সকলে।

সভাপতিৰ ভাষণত বনমালী ডেকাই মাদক দ্ৰব্য সম্পৰ্কে বিভিন্ন দিশৰ ওপৰত ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে ব্যাখ্যা আগবঢ়াই মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত মহিলা সকলক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাখনত পুৰুষৰ লগতে যথেষ্ট সংখ্যক মহিলাও উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in