উপ-নিৰ্বাচনঃ আজি মনোনয়ন দাখিলৰ অন্তিম দিন, বিজেপি প্ৰাৰ্থীক সংগ দিব হিমন্ত বিশ্ব শৰ্মাই..

উপ-নিৰ্বাচনঃ আজি মনোনয়ন দাখিলৰ অন্তিম দিন, বিজেপি প্ৰাৰ্থীক সংগ দিব হিমন্ত বিশ্ব শৰ্মাই..
  • ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল বোৰৰ মাজত বৃদ্ধি পাইছে তৎপৰতা।
  • বৃহস্পতিবাৰে মুঠ ১২ জন প্ৰাৰ্থীয়ে দাখি কৰিলে মনোনয়নপত্ৰ।
  • ২৮ নং গোসাইগাওঁ বিধানসভা সমষ্টিত ৫ জনে ৪১ নং তামুলপুৰ বিধানসভা সমষ্টিত ৪ জনে দাখিল কৰিলে মনোনয়ন।
  • একেদৰে ১০১ নং থাওৰাত মনোনয়ন দাখিল কৰিলে ৩ জনে।
  • গোসাইগাঁৱ সমষ্টিৰ প্ৰাৰ্থী হিচাপে ইউপিপিএলৰ পৰা জীৰণ বসুমতাৰী, বিপিএফৰ পৰা ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী এ আই ইউ ডি এফৰ পৰা খাইৰুল আলম খণ্ডকাৰ, কংগ্ৰেছৰ পৰা জুৱেল টুডু আৰু হাৰকিউলিয়াছ বসুমতাৰীয়ে নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছে।
  • তামুলপুৰ সমষ্টিত বিজেপিৰ টিকট বঞ্চিত ইমানুৱেল মুছাহাৰী, আৰু আন এগৰাকীয়ে নিৰ্দলীয় ভাৱে মনোনয়ন দাখিল কৰে।
  • ইউ পি পি এলৰ জলেন দৈমাৰী আৰু কংগ্ৰেছৰ ভাস্কৰ দাহালেও মনোনয়ন দাখিল কৰে।
  • ১০১ নং থাওৰা সমষ্টিত মনোনয়ন দাখিল কৰে নিৰ্দলীয় হিচাপে লোহিত গোৱালা, চি পি আইৰ পৰা কৃষ্ণ গগৈ আৰু ৰাইজৰ দলৰ হৈ ধৈৰ্য কোঁৱৰে মনোনয়ন দাখিল কৰে।
  • ৰাইজৰ দল নিৰ্বাচনী আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত নোহোৱাত ধৈৰ্য কোঁৱৰেও নিৰ্দলীয় হিচাপেই মনোনয়ন দাখিল কৰে।
  • ৮ অক্টোবৰ, শুকুৰবাৰ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন।
  • আটাইকেইটা সমষ্টিতে মনোনয়ন দাখিল কৰা আন আন প্ৰাৰ্থীসকলে শুকুৰবাৰে মনোনয়ন দাখিল কৰিব।
  • কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰ, বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই, ফণী তালুকদাৰ আদিয়ে মনোনয়ন দাখিল কৰিব।
  • থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in