১৫ হাজাৰ কিঃমিঃ চাইকেল চলাই অসমত বেলজিয়ামৰ ২পৰ্যটক, ক’লেঃ নমস্কাৰ, জয় আই অসম…VIDEO

১৫ হাজাৰ কিঃমিঃ চাইকেল চলাই অসমত বেলজিয়ামৰ ২পৰ্যটক, ক’লেঃ নমস্কাৰ, জয় আই অসম…VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ বেলজিয়ামৰ পৰা ১৫ হাজাৰ কিলোমিটাৰ চাইকেল চলাই আহি সোমবাৰে নিশা নগাঁৱৰ কামপুৰত উপস্থিত হ'ল বেলজিয়ামৰ দুই পৰ্যটক। নিশা ৰাজপথৰ এটা জিৰণি চৰাত আশ্ৰয় লৈ থকা দুই পৰ্যটকক ঘৰলৈ আনি আশ্ৰয় আৰু আতিথ্য প্ৰদান কৰিলে কামপুৰৰ যুৱ অভিনেতা পুতুল ভূঞাই।

দুই পৰ্যটকে অসমীয়াৰ আতিথ্যত আপ্লুত হোৱাৰ লগতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম বুলি প্ৰকাশ কৰাৰ লগতে অসমীয়া খাদ্য খাই অভিভূত হৈ পৰে।

আনহাতে দুই পৰ্যটকৰ মুখত শুনা গ'ল অসমীয়া ভাষা। দুই পৰ্যটকে কলে- জয় আই অসম আৰু নমস্কাৰ। উল্লেখ যোগ্য যে দুই পৰ্যটকে কামপুৰৰ পৰা নাগালেণ্ডলৈ ৰাওনা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in