শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

বাজেট ভাষণৰ মাজতে বিত্তমন্ত্ৰীয়ে প্ৰশংসা কৰিল হিন্দী ছবি ‘উৰি’ক…

467

ডিজিটেল ডেস্কঃ বক্স অফিচত চুপাৰ হিট হ’ল হিন্দী ছবি ‘উৰি’। মুক্তিৰ ২০ টা দিনৰ অন্তত ছবিখনে মুঠ উপাৰ্জন কৰিলে ১৬৭ কোটিৰো অধিক ধন। কেৱল বক্স অফিচতে নহয় দেশ-বিদেশৰ ছবি সমালোচক সকলৰ পৰাও ছবিখনে ইতিমধ্যে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা বিকী কুশলেও এই ছবিখনৰ পাছতে কেইবাখনো ছবিত অভিনয়ৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে।

এই সকলোবোৰ সাফল্য লাভ কৰাৰ পাছত এইবাৰ ছবিখনে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে শুকুৰবাৰে সংসদৰ বাজেট অধিবেশনত। শুকুৰবাৰে সংসদত কেন্দ্ৰীয় বাজেটৰ ভাষণৰ মাজতে তদানীন্তন বিত্তমন্ত্ৰী পিয়ুজ গোৱেলে দেশৰ মনোৰঞ্জন জগতলৈ আগবঢ়োৱা বিভিন্ন সা-সুবিধা ঘোষণা কৰাৰ সময়ত ছবিখনক লৈ ক’লে ‘কিছুদিনৰ পূৰ্বে মই হিন্দী ছবি উৰি চালো, ছবিখন চাই আপ্লুত হ’লো, ছবিখনত সেনা সকলৰ উদ্যম যিদৰে প্ৰদৰ্শন কৰা হৈছে সেয়া সচাঁই অতিকৈ আকৰ্ষণীয়।

ছবিখনৰ প্ৰশংসা শুনি উৰি ছবিত অভিনয় কৰা সাংসদ পৰেশ ৰাৱলে এটি হাঁহি মাৰি বিত্তমন্ত্ৰীজনক ধন্যবাদ জনালে। বিত্তমন্ত্ৰীজনে লগতে সংসদত কয় ‘ আমি ছবি সমূহ চাব লাগে , এই উদ্যোগৰ পৰাই বহুলোকে সংস্থাপন লাভ কৰিছে। লগতে মন্ত্ৰীজনে পাইৰেছী সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ঘোষণাও সদনত উল্লেখ কৰে। উল্লেখ্য যে, ‘উৰি’ ছবিখন ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ পটভূমিত নিৰ্মাণ কৰা এখন ছবি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি