ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশো নামানে ৰাজ্যৰ মুখ্যসচিবৰ কাৰ্যালয়েঃ নগাঁৱত প্ৰখ্যাত বাস্কেট বল খেলুৱৈৰ দুৰ্দশা…

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ নিৰ্দেশো নামানে ৰাজ্যৰ মুখ্যসচিবৰ কাৰ্যালয়েঃ নগাঁৱত প্ৰখ্যাত বাস্কেট বল খেলুৱৈৰ দুৰ্দশা…

ডিজিটেল সংবাদ,নগাঁও: দেশৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ ৰাজ্যৰ কোনো কাৰ্যালয়ে অৱজ্ঞা কৰি পেলাই থব পাৰেনে ? দেশৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে প্ৰেৰন কৰা নিৰ্দেশ কোনো ৰাজ্যৰ কাৰ্যালয়ে কাৰ্যকৰী নকৰাকৈ পেলাই থব পাৰে নে ? হয়টো নোৱাৰে ৷ দেশৰ ৰাষ্ট্ৰপতি কাৰ্যালয় আৰু দেশৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ অমান্য কৰা এক চাঞ্চল্যকৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তিনিখনকৈ নিৰ্দেশনা পত্ৰ আৰু ৰাষ্ট্ৰপতি ভৱনৰ অ' এছ ডিয়ে অসমৰ মুখ্যসচিবলৈ প্ৰেৰন কৰা এক পত্ৰ অসমৰ মুখ্যসচিবৰ কাৰ্যালয়ে অবজ্ঞা কৰা ঘটনা সংঘটিত হৈছে

বৰ্তমানৰ ৰাজ্যচৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব দিছে ৷ হীমা দাস , লাভলীনা বৰগোহাইয়ে ক্ৰীড়াৰ ক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে চৰকাৰে দুয়োকে উৎসাহিত কৰি নতুন প্ৰজন্মক ক্ৰীড়া মূখী কৰিবলৈ চেষ্টা কৰিছে ৷ শেহতীয়াকৈ নয়ন মনি শইকীয়াই কমনৱেলথত পদক অৰ্জন কৰাৰ পিছত ৰাজ্যচৰকাৰে খেলুৱৈগৰাকীক সন্মানিত কৰিবলৈ পৰিকল্পনা কৰিছে ৷

এনে এক ক্ষনত নগাঁৱৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাস্কেত বল খেলুৱৈ কাঞ্চন সাহৰ এটি কনিষ্টবলৰ চাকৰি কাঢ়ি নিয়াৰ কৰুন ঘটনা পোহৰলৈ আহিছে ৷ ২০০৫ বৰ্ষত নীতিগত ভাবে আবকাৰী বিভাগত লাভ কৰা কনিষ্টবলৰ চাকৰিটো ৰহস্যজনক ভাবে যোগদান কৰিবলৈ নোপোৱাৰ পিছত বিগত ১৭ বছৰে কাঞ্চন সাহে চাকৰিটো ঘূৰাই পাবলৈ যুঁজ কৰি ভাগৰি পৰিছে ৷

এদিন বাস্কেট বল খেলত কাঞ্চনৰ হাতৰ যাদু চাবলৈ দৰ্শকে ভীৰ কৰিছিল ৷ নগাঁৱৰ লগতে ৰাজ্যৰে নহয় দেশৰ বিভিন্ন স্হানত কাঞ্চনে হাতেৰে বাস্কেট বলৰ প্ৰতিযোগিতাত যাদু দেখুৱাইছিল ৷ সেই কাঞ্চন ২০০৫ চনৰ ২৬ চেপ্তেম্বৰত চাকৰিৰ শাৰিৰীক পৰীক্ষাত আৰু ১ অক্টোবৰত মৌখিক পৰীক্ষাত অবতীৰ্ণ হৈছিল ৷ দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত চাকৰিত যোগদানৰ বাবে আবকাৰী বিভাগে পুলিচ ভেৰিফিকেশ্যনৰ বাবে পত্ৰ দিছিল ৷ কাঞ্চন সাহক বাদ দি ১১ জনক চাকৰিত যোগদান কৰিবলৈ দিয়া হ'ল ৷ তালিকাত দ্বিত্বীয় স্থান থকা কাঞ্চনক চাকৰিত যোগদান কৰিবলৈ দিয়া নহ'ল ৷ কাৰন আজিও অজ্ঞাত ৷

কাঞ্চনে চৰকাৰী কাৰ্যালয় , চৰকাৰী বিষয়াৰ কাষত উপস্থিত হৈছিল ৷ হাতে ভৰিয়ে ধৰিছিল ৷ পিছে কামত নাহিল ৷ বাস্কেটবল এৰি খেলুৱৈজনে পেটৰ তাৰনাত নগাঁৱৰ নতুন বজাৰত আৰম্ভ কৰিলে চানা-মিচলৰ ব্যৱসায় ৷ চিন্তা কৰি ২০১৫ চনত পত্ৰ লিখিলে দেশৰ প্ৰধান মন্ত্ৰীলৈ ৷ ২০১৬ ,২০১৭ চনত আকৌ পত্ৰ লিখিলে সমগ্ৰ ঘটনা বিবৰি ৷ প্ৰধান মন্ত্ৰী কাৰ্যালয়ে অসমৰ মুখ্যসচিবক তিনিবাৰকৈ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিলে ৷

২০১৭ চনত ৰাষ্ট্ৰপতিলৈ কাঞ্চন সাহে প্ৰেৰন কৰা পত্ৰৰ পিছত ৰাষ্ট্ৰপতিৰ কাাৰ্যলয়ৰ পৰা কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিয়া হ'ল ৷ কিন্তু ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ কেৰেপে নকৰিলে মুখ্যসচিবৰ কাৰ্যালয়ে ৷

নগাঁও প্ৰেছ ক্লাবৰক ওচৰৰ ঘাই পথৰ কাষত বাস্কেট বল খেলুৱৈ কাঞ্চনৰ চানা-মিচলৰ সৰু প্ৰতিস্থানটি ৷ বাস্কেটবলত দুহাতে যাদু দেখুৱাবলৈ এতিয়া অক্ষম কাঞ্চনে সৰু ব্যৱসায়টিৰে যেনে তেনে নিজৰ সৰু পৰিয়ালটো পোহপাল দিছে ৷

বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কামকাজক লৈ আশাবাদী একালৰ সুদক্ষ খেলুৱৈ কাঞ্চন সাহ ৷ কাঞ্চনে আশা কৰিছে মুখ্যমন্ত্ৰীক এবাৰ সাক্ষাত কৰি সমগ্ৰ ঘটনা অবগত কৰিব ৷ যোগদানৰ পৰা বঞ্চিত কৰি ৰখা চাকৰিটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পৰা ন্যায় লাভ কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in