সন্ত্ৰাসবাদীৰ দপদপনি! ১০ আৰক্ষী জোৱানক গুলীয়াই হত্যা…

সন্ত্ৰাসবাদীৰ দপদপনি! ১০ আৰক্ষী জোৱানক গুলীয়াই হত্যা…

ডিজিটেল ডেস্কঃ বুৰ্কিনাত সংঘটিত হয় ভয়ংকৰ ঘটনা। বুক্ৰিনাৰ উত্তৰ-পশ্চিম এলেকাত পৰিকল্পিতভাৱে দুৰ্বৃত্তই কৰা এক আক্ৰমণৰ ঘটনাত প্ৰাণ হেৰুৱাই ১০জনকৈ আৰক্ষীৰ লোকে। ইফালে, এই ঘটনাত গুৰুতৰভাৱে আহত ৩জন। পশ্চিম আফ্ৰিকাৰ সুৰক্ষা মন্ত্ৰণালয়ে কয়- নিহত আৰক্ষী কেইজনৰ ওপৰত আক্ৰমণ কৰিবলৈ বাগাডুংগু এলেকাত লুকাই আছিল দুৰ্বৃত্ত।

ইফালে, সুৰক্ষা মন্ত্ৰণালয়ৰ এক সূত্ৰ অনুসৰি, আৰক্ষী লোক কেইগৰাকীৰ ওপৰত সেই সময়ত আক্ৰমণ হৈছিল, যেতিয়া তেওঁলোক মালীৰ সীমান্তৱৰ্তী লোৰোনী গাঁৱলৈ গৈছিল। গাঁওখনত অস্ত্ৰধাৰী দুৰ্বৃত্তই এখন বিদ্যালয়ত আক্ৰমণ কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীৰ সকলো কিতাপ জ্বলাই দিছিল। আনহাতে উক্ত ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল দুজন লোক। তাৰোপৰি, বিগত ৩ বছৰে এই অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পাইছে এনেধৰণৰ ঘটনা।

উল্লেখ্য যে, চলিত বৰ্ষৰ আগষ্ট মাহতো বুৰ্কিনা ফাচোৰ ৰাজধানীত এটা সন্ত্ৰাসবাদী সংগঠনে গুলীবৰ্ষণ কৰিছিল। য'ত মৃত্যু হৈছিল ১৭জনকৈ লোকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in