গৰু-ম’হৰ চৰণীয়া পথাৰলৈ পৰিণত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য!

গৰু-ম’হৰ চৰণীয়া পথাৰলৈ পৰিণত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য!

ডিজিটেল সংবাদ, চামগুৰি: বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ গঁড়ৰ পুনঃসংস্থাপন প্ৰকল্প বৰ্তমান ধোঁৱাচাঙত৷ কেৱল মাত্ৰ ঘৰচীয়া গৰু-ম'হৰ চৰণীয়া পথাৰত পৰিণত হৈছে অভয়াৰণ্যখনত গঁড়ৰ পুনঃসংস্থাপনৰ বাবে নিৰ্মাণ কৰা বহুমূলীয়া ব'মা অৰ্থাৎ বিশেষ গড়াঁলটো। সম্প্ৰতি বিকল হৈ পৰিছে সৌৰশক্তি সংযোগ ব্যৱস্থা, মামৰে ধৰি হালি পৰিছে চৌহদৰ খুঁটা, বেৰৰ বহু অংশত চিঙি আছে সৌৰশক্তি পৰিবাহী তাঁৰ যাৰ বাবে এতিয়া নিতৌ শতাধিক গৰু-ম'হৰ একমাত্ৰ বিচৰণস্থলীলৈ পৰ্যবেসিত হৈ পৰিছে মৰিশালী সদৃশ ব'মাটো।

উল্লেখযোগ্য যে, নগাঁও জিলাৰ নিকটৱৰ্ত্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত তদানীন্তন কংগ্ৰেছ চৰকাৰ কাৰ্যকালতে প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক ব'মাটোলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুটাকৈ গঁড় আনি পুনঃসংস্থাপন কৰাৰ কেইমাহমানৰ পিছতেই অতি আচৰ্যজনকভাবে মৃত্যু হয় মাতৃসহ পোৱালি গঁড়টোৰ।

ঠিক তাৰ পিছৰে পৰা ৰাজ্যৰ বিয়াগোম বন বিভাগৰ চূড়ান্ত হেমাহীৰ বাবে দিনকদিনে ব'মাটোৰ অৱস্থা বিধ্বস্তপ্ৰায় হোৱাৰ লগতে আজি পৰ্যন্ত অভয়াৰণ্যখনলৈ আন কোনো গঁড় দ্বিতীয়বাৰৰ বাবে পুনঃসংস্থাপন কৰাৰ চেষ্টা নকৰাত সম্প্ৰতি সম্পূৰ্ণৰূপে পৰিত্যক্ত হৈ পৰিছে কোটি টকীয়া ব'মাটো তথা বৃহৎ আকাৰৰ বিশেষভাবে সংৰক্ষিত এলেকাটো।

ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰে এসময়ত সহস্ৰাধিক গঁড়ৰ অন্যতম বিচৰণ ভূমি হিচাপে প্ৰসিদ্ধ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত আজিও গঁড়ৰ বাবে উপযুক্ত পৰিবেশ আছে বুলি বহু সময়ত বহুজনে দাবী কৰি অহাৰ পিছতো ৰাজ্যৰ বৰ্তমানৰ বনমন্ত্ৰীগৰাকীয়ে অভয়াৰণ্যখনত গঁড়ৰ পুনঃসংস্থাপনৰ সন্দৰ্ভত কৰা মন্তব্যই প্ৰকৃততে অভয়াৰণ্যখনৰ প্ৰতি যে মন্ত্ৰীগৰাকীৰ বিশেষ কোনো জ্ঞান তথা গুৰুত্ব নাই তাকে যেন উদঙাই দেখুৱাইছে।

শেহতীয়াকৈ অস্থায়ী শিবিৰ স্থাপনেৰে অভয়াৰণ্যখনলৈ কেৱল মাত্ৰ পৰ্যটক আগমনৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়া সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীগৰাকীয়ে গঁড় থকাৰ বাবে অভয়াৰণ্যখনত উপযুক্ত পৰিবেশ প্ৰস্তুত কৰাৰ পিছতহে গঁড়ৰ পুনঃসংস্থাপনৰ চিন্তা-চৰ্চা কৰা হ'ব বুলি কৰা মন্তব্যই যে প্ৰকৃততে দীৰ্ঘদিন ধৰি ব্যয়বহুল ব'মাটো পৰিত্যক্ত অৱস্থাতে থাকি অৱশেষত যে তাৰ অস্তিত্বয়েই নাইকিয়া হ'ব তাকে যেন আওপকীয়াকৈ স্পষ্ট কৰি দিছে ৰাইজৰ আগত।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ইমান এটা ব্যয়বহুল প্ৰকল্প আৰম্ভ কৰি মাত্ৰ দুটাকৈ গঁড় পুনঃসংস্থাপন কৰিয়েই ভাগৰ লগা বন বিভাগে তথা অৱস হৈ পৰা চৰকাৰখনে কেতিয়া অভয়াৰণ্যখনলৈ গঁড়ৰ পুনঃসংস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ই পৰৱৰ্তী সময়ত অতিশয় লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in