বুঢ়া পাহাৰত জ্বলি উঠা ট্ৰাকৰ জুই নুমালঃ এছ পি আনন্দ মিশ্ৰৰ পৰিস্থিতি পৰ্যবেক্ষণ…

বুঢ়া পাহাৰত জ্বলি উঠা ট্ৰাকৰ জুই নুমালঃ এছ পি আনন্দ মিশ্ৰৰ পৰিস্থিতি পৰ্যবেক্ষণ…

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰৰ মহকুমাৰ বুঢ়াপাহাৰত শুকুৰবাৰে পুৱা সংঘটিত হ'ল এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত উজনিৰ পৰা নামনিলৈ গৈ থকাৰ অৱস্থাত এখন ডিজেল পৰিবাহী টেংকাৰ বাগৰি পৰে। ইয়াৰ পিছতে টেংকাৰখন ৰাজপথতেই জ্বলি উঠে। এই ঘটনাৰ পিছতে ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা।

বুঢ়াপাহাৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত দুৰ্ঘটনাত পতিত হৈ ভস্মিভূত হোৱা ট্ৰাকখনৰ নম্বৰ আছিল এ এচ০৬ এচি-১৮৬১ । এই ঘটনাৰ পিছতে ৪ ঘণ্টাধৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা। ইয়াৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি প্ৰয়া ৪ ঘণ্টাৰ মূৰত অগ্নি নিৰ্বাপন কৰে।

এই দুৰ্ঘটানৰ পিছতে ঘটনাস্থলীত আহি উপস্থিত হয় নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। তেওঁ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আগ্নি নিৰ্বাপনৰ পিছতেই পুনৰ যাতায়ত ব্যৱস্থা আৰম্ভ হৈছে। উল্লেখ্য যে বুঢ়াপাহাৰৰ যি স্থানত এই দুৰ্ঘটনা সংঘটিত হ'ল সেই স্থানত প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in