সম্পূৰ্ণৰূপে জলমগ্ন বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

সম্পূৰ্ণৰূপে জলমগ্ন বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

ডিজিটেল সংবাদ, চামগুৰিঃ বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি। ক্ৰমাৎ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰে ওপৰেৰে পাৰ হোৱাত জটিল হৈ পৰিছে লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি। নিঃচিহ্ন হৈ পৰিছে ধনীয়া আৰু জাৰণি গাঁও।

ইয়াৰ সমান্তৰালভাৱে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ আটাইকেইটা বন শিৱিৰেই জলমগ্ন হৈ পৰিছে।ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁতে এফালৰ পৰা ঢাহি-মুহি নিছে অভয়াৰণ্যখনৰ প্ৰতিটো অংশ। ইয়াৰ ফলত এতিয়া চূড়ান্ত ভাবুকি আহি পৰিছে বন্য জীৱ-জন্তু সমূহলৈ।

ইতিমধ্য বন্য জীৱ-জন্তু সমূহে হাইলেন সমূহত আশ্ৰয় লৈছে যদিও বৰ্তমানেও নিৰাপদ নহয় অভয়াৰণ্যখনৰ এইসমূহ বন্য জীৱ-জন্তু। ইয়াৰ বিপৰীতে বান পানীৰ কবলত পৰি দিশহাৰা হোৱা দুটাকৈ পহু বন বিভাগে উদ্ধাৰ কৰি এৰি দিছে নিৰাপদ স্থানত। উল্লেখ্য যে, বন বিভাগৰ তহলদাৰী দলে বৰ্তমানেও বন্য জীৱ-জন্তু যাতে মৃত্যুমুখত পৰিৱ নোবাৰে তাৰ ওপৰত দৃষ্টি ৰাখি অব্যাহত ৰাখিছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in