বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ
  • বুঢ়া আৰক্ষী চকীত তিনি ভগ্নীক আৰক্ষীয়ে চলোৱা নিৰ্যতনৰ সন্দৰ্ভত নিজাকৈ গোচৰ ৰুজু কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে।
  • সেই সন্দৰ্ভত অসম আৰক্ষীৰ মুখ্য সচিব আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ জাননী প্ৰেৰণ কৰিছে আয়োগে।
  • এই ঘটনা সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে আয়োগে।
  • এই প্ৰতিবেদনৰ সৈতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সম্পৰ্কীয় তথ্যপাতিও বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে।
  • সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ ভিত্তিতেই আয়োগে ৰুজু কৰিছে গোচৰ।
  • নিৰ্যাতিতা মহিলা কেইগৰাকীৰ বৰ্তমানৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনো বিচাৰিছে।
  • ৮ ছেপ্টেম্বৰত আটক কৰি নিয়া মহিলা কেইগৰাকীক আটক কৰিবলৈ দণ্ডাধীশৰ অনুমতি আছিল নে নাই সেই সন্দৰ্ভতো জনাব লাগিব আয়োগক।
  • ৰাজ্য চৰকাৰে মহিলা কেইগৰাকীক কি ধৰণৰ সাহায্য আৰু ক্ষতিপূৰণ প্ৰদান কৰিছে, সেই বিষয়েও জনাব লাগিব।
  • চিআৰপিচি ধাৰা ৪৬ (৪) ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে।
  • আয়োগৰ মতে, তেওঁৰ ভাতৃৰ বিৰুদ্ধেহে গোচৰ ৰুজু হৈছিল, নিৰ্যাতিতা কেইগৰাকীৰ বিৰুদ্ধে নহয়।
  • এই সন্দৰ্ভত ১৯ ছেপ্টেম্বৰত আয়োগক এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল স্বৰাজ অসমৰ ভৱেন সন্দিকৈয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in