শেহতীয়া খবৰ
ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...

পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত হ’ল ম’হযুঁজ..

ডিজিটেল সংবাদ নগাওঁঃ এফালে পৰম্পৰা ৰক্ষাৰ যুঁজ আনফালে ন্যায়ালয়ৰ বাধা।ইয়াৰ মাজতেই নগাঁৱৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ’ল ম’হ যুঁজ। ভোগালী বিহু বুলি ক’লেই সাধাৰণতে চৰ্চিত হৈ পৰে ম’হ যুঁজৰ প্ৰসংগ। এইবাৰো প্ৰতি বছৰৰ দৰে নগাঁৱৰ গোমোঠা গাঁৱৰ কৰণ কুমাৰ নেওঁগ সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত হ’ল ম’হ যুঁজ।

বোপা ককা দিনৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত ম’হ যুঁজত কেইবাহালো গুনা ম’হে যুঁজ কৰে ।আনহাতে কৰণ কুমাৰ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত ম’হ যুঁজ খন আৰম্ভ কৰে এটি বিহু নৃত্যৰে । নগাঁৱৰ গোমোঠা গাঁৱৰ পথাৰত বহু বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম’হৰ যুঁজ অনুষ্ঠিত কৰি আহিছে।

উল্লেখ্য যে জন বিশ্বাস অনুসৰি মাঘত ম’হৰ শিঙত যি পোকৰ সৃষ্টি হয় তাক যুঁজৰ মাজেৰে নাশ কৰিবৰ বাবেই ম’হ গোৱাল সকলে পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত কৰে ম’হ যুঁজ । আনফালে এই ম’হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ জীয়ৰী-বোৱৰী, যুৱকৰ লগতে বৃদ্ধ ককা-আইতা ভিৰ কৰে পথাৰ খনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি