৪১বছৰীয়া পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত হ’ল ম’হ যুঁজ…

৪১বছৰীয়া পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ গোমোঠা গাঁৱত অনুষ্ঠিত হ’ল ম’হ যুঁজ…

ডিজিটেল সংবাদ, চামগুৰিঃ পৰম্পৰাগতভাৱে মাঘৰ বিহুত চলি অহা ঐতিহাসিক ম'হৰ যুঁজ অনুষ্ঠিত হ'ল নগাঁৱৰ বঢ়মপুৰতো। নগাঁৱৰ বঢ়মপুৰ গোমোঠাগাঁৱৰ পথাৰত প্ৰায় ৪১ বছৰ ধৰি এই পৰম্পৰা ৰক্ষা কৰি ম'হৰ যুঁজ অনুষ্ঠিত কৰি অহা হৈছে।

উল্লেখ্য যে উচ্চত্তম ন্যায়ালয়ৰ বাধা থকাৰ সত্বেও পৰম্পৰা ৰক্ষাৰ বাবেই এই ম'হৰ যুঁজ অনুষ্ঠিত কৰি অহাৰ লগতে জন বিশ্বাস অনুযায়ী মাঘত ম'হৰ শিঙত যি পোকৰ সৃষ্টি তাক যুঁজৰ মাজেৰে নাশ কৰা হয় বুলিও ম'হ গোৱাল সকলে জানিবলৈ দিয়ে।

আনফালে এই ম'হৰ যুঁজ প্ৰত্যক্ষ কৰিবলৈ শিশুৰ পৰা বৃদ্ধলৈকে অগণন লোকে ভিৰ কৰে ম'হযুঁজ থলীত। এই ঐতিহাসিক ম'হৰ যুঁজলৈ ৩০ জোৰা ম'হৰ গৰাকীয়ে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in