বুলন্দচহৰ হিংসাত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়াৰ মোবাইল ফোন উদ্ধাৰ

বুলন্দচহৰ হিংসাত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়াৰ মোবাইল ফোন উদ্ধাৰ

ডিজিটেল ডেস্কঃ বুলন্দচহৰত প্ৰতিবাদীৰ হত্যাৰ বলি হোৱা আৰক্ষী বিষয়া সুবোধ সিঙে ব্যৱহাৰ কৰা মোবাইল ফোনটো দেওবাৰে এছ আই টিয়ে ঘটনাৰ মুখ্য অভিযুক্ত প্ৰশান্ত নট্টৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ তদন্তকাৰী দলে মুখ্য ন্যায়িক মেজিষ্ট্ৰেট আদালতৰ দ্বাৰা জাননী লৈ অভিযুক্ত অভিযুক্ত প্ৰশান্ত নট্টৰ বাসগৃহত অভিযান চলাই নিহত আৰক্ষী বিষয়া সুবোধ সিঙৰ মোবাইল ফোনসহ মুঠ ৬ টা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ইফালে এতিয়াও লাভ কৰা হোৱা নাই সুবোধ সিঙৰ চৰকাৰী পিষ্টলটোৰ৷ তদন্তকাৰী দলটোৱে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত বিভিন্ন ঠাইত পিষ্টলটো বিচাৰি সন্ধান অব্যাহত ৰাখিছে যদিও এতিয়াও সেই পিষ্টলটো তদন্তকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ পূৰ্বে কিছুদিন পূৰ্বে আৰক্ষীয়ে বুলন্দচহৰৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত প্ৰশান্ত নট্টক গ্ৰেটাৰ নয়ডাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ আৰক্ষীয়ে এতিয়ালৈকে ঘটনাৰ সৈতে জড়িত মুঠ ৩৬ জনক গ্ৰেপ্তাৰ কৰিছে৷

উল্লেখ্য যে, যোৱা ৩ ডিচেম্বৰত বুলন্দচহৰৰ স্যানা এলেকাৰ মহাৱ গাঁনৰ খেতিপথাৰত এটা গাইগৰুৰ কংকাল উদ্ধাৰ হোৱাৰ পিছতে গো-হত্যাৰ প্ৰতিবাদত বুলন্দ চহৰত হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিছিল একাংশ প্ৰতিবাদকাৰীয়ে৷ প্ৰতিবাদকাৰীয়ে চিংগৰাৱঠী আৰক্ষী থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলাত প্ৰতিবাদকাৰীক বাধা দিবলৈ যোৱা আৰক্ষী বিষয়া সুবোধ সিঙৰ লগতে সুমিত কুমাৰ নামৰ এজন লোকক আৰক্ষী বিষয়াগৰাকীৰ চাৰ্ভিছ ৰিভলভাৰ কাঢ়ি নি প্ৰতিবাদকাৰীয়ে গুলিচালনা কৰে৷ এই গুলিচালনাত সুবোধ সিঙৰ মূৰত গুলী লগাৰ ফলত মৃত্যু ঘটে৷

আনহাতে ঘটনাৰ তদন্তত আৰক্ষী বিষয়াক গুলিয়াই হত্যা কৰা আৰু হিংসাত্মক ঘটনাৰ সৃষ্টি কৰা প্ৰতিবাদকাৰী সকলৰ মাজত দক্ষিণপন্থী হিন্দু সংগঠনৰ লগতে সন্দেহযুক্ত বিজেপি যুৱ মৰ্চা, বি এছ পি আৰু বজৰংগ দলৰ কৰ্মকৰ্তা আছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in