“কুৰুৱা কাঠনিৰ বটবৃক্ষ”অধ্যাপক গোবিন চন্দ্ৰ দলেৰ দেহাৱসান…

“কুৰুৱা কাঠনিৰ বটবৃক্ষ”অধ্যাপক গোবিন চন্দ্ৰ দলেৰ দেহাৱসান…

ডিজিটেল সংবাদ,বোকাখাতঃ বৃহত্তৰ বোকাখাত অঞ্চলৰ সমাজ জীৱনৰ লগত সকলো সময়তে সংযুক্ত হৈ থকা বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক, বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, গোলাঘাট জিলাৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিষ্ঠা কালৰ সভাপতি তথা কবি বিমান কুমাৰ দলেৰ পিতৃ গোবিন চন্দ্ৰ দলেৰ সোমবাৰে পুৱাৰ ভাগত দেহাৱসান ঘটে। তেখেত বিগত ৮ মাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল।

কৃষি, শিক্ষা আৰু ৰাজনীতিৰ পথাৰত সমানেই খোজ পেলোৱা প্ৰয়াত অধ্যাপক গুবিন চন্দ্ৰ দলেয়ে ১৯৭১-৭৩ চনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মেনেজমেণ্ট আৰু অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ হোৱাৰ লগতে বি.টি. ডিগ্ৰী লাভ কৰি জে.বি. কলেজ, কমাৰগাঁও কলেজ আৰু জে.দি.এচ.জি. কলেজ বোকাখাতত অধ্যাপনা কৰিছিল।

গোলাঘাট কমাৰ্চ কলেজৰ প্ৰতিষ্ঠাপক অধ্যাপক আছিল প্ৰয়াত গুবিন চন্দ্ৰ দলে। চৰকাৰী কামৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পৰা মৃত্যু পৰ্যন্ত তেখেত বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষৰূপে কৰ্মৰত হৈ আছিল।উল্লেখযোগ্য যে, গোলাঘাট কমাৰ্চ কলেজৰ প্ৰতিষ্ঠাপক তথা প্ৰবক্তা হিচাপে কাম কৰা, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নিমন্ত্ৰিত শিক্ষক ৰূপে কাম কৰা, কমাৰ গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য তথা শিক্ষাদানত জড়িত হোৱা, বোকাখাত জে ডি এছ জি মহাবিদ্যালয় গবৰ্ণিং বডিৰ অন্যতম সদস্য হোৱা, কমাৰগাঁও মহাবিদ্যালয় গবৰ্ণিং বডিৰ সভাপতি হোৱা, বোকাখাতৰ দপৰীয়া অঞ্চলৰ প্ৰথম আৰু একমাত্ৰ জনজাতীয় মেধাবী সন্তান যিয়ে তিনিবাৰকৈ মাষ্টাৰ্চ আৰু বি এড-এম এড ডিগ্ৰীধাৰী উচ্চ শিক্ষিত আছিল।

আনহাতে একেধাৰে মিচিং জনজাতিৰ ভাষা সংস্কৃতিৰ ওপৰত অগাধ দখল থকা ব্যক্তিৰূপে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সদস্য ৰূপেও কাৰ্যনিবাহ কৰি আহিছিল গোবিন চন্দ্ৰ দলেয়ে। উল্লেখযোগ্য যে শিল্পী আইদেউ সন্দিকৈ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভূমি গোবিন্দ দলেৰ বংশই দান দিছিল। কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা গোবিন্দ দলে নিজেও এগৰাকী দক্ষ খেতিয়ক ৰূপে পৰিচিত আছিল।জীৱনৰ মাজৰছোৱা সময়ত ৰাজনৈতিক দিশতো এক সফল পৰিক্ৰমা অতিক্ৰম কৰিছিল সদ্য প্ৰয়াত এই গৰাকী বিশিষ্ট ব্যক্তিয়ে। মৃত্যুৰ সময়ত পুত্ৰ-বোৱাৰি-নাতি-নাতিনীসহ এক বৃহৎ পৰিয়াল এৰি থৈ গৈছে প্ৰয়াত গোবিন চন্দ্ৰ দলেয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in