ৰাম মন্দিৰ নহয়, অযোধ্যাত বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আপ নেতা মনীষ ছিছ’ডিয়াৰ

ৰাম মন্দিৰ নহয়, অযোধ্যাত বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱ আপ নেতা মনীষ ছিছ’ডিয়াৰ

ডিজিটেল ডেস্কঃ 'হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়কে সোধা হওক। সকলোৱে সহমত পোষণ কৰিলে তাত এখন আন্তৰ্জাতিক মানৰ বিশ্ববিদ্যালয় স্থাপন কৰা হওক। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, দেশী-বিদেশী সকলো ছাত্ৰ-ছাত্ৰীয়ে তাত একেলগে অধ্যায়ন আৰু গৱেষণা কৰিব পাৰিব।'- অযোধ্যাৰ বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ দাবী প্ৰসংগ পুনৰ অধিক তীব্ৰতৰ হৈ পৰাৰ সময়তে এই মন্তব্য আগবঢ়াইছে আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিছ'ডিয়াই।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী আপ নেতাগৰাকীয়ে এনডিটিভিৰ এক অনুষ্ঠানত আৰু কয় যে মন্দিৰৰ জৰিয়তে দেশত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাতো কোনোপধ্যে সম্ভৱ নহয়। শিক্ষাৰ জৰিয়তে অতি সহজতে ভাৰতত ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব পৰা যাব বুলিও দৃঢ়তাৰে উল্লেখ কৰে দিল্লী চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানটোত ভাগ লোৱা অযোধ্যাৰ নতুন প্ৰজন্মৰ বহুতেই মন্দিৰ-মছজিদৰ পৰিৱৰ্তে বিবাদমান স্থানত বিশ্ববিদ্যালয় স্থাপন হ'লে অধিক সুখী হ'ব বুলিও মন্তব্য কৰে। 'আমি ছিছ'ডিয়াৰ প্ৰস্তাৱক আদৰণি জনাইছো। মন্দিৰ ইছ্যুৰ বাবে আমাৰ অঞ্চলটো পিছপৰি ৰৈছে। কিন্তু বিশ্ববিদ্যালয় স্থাপন হ'লে অঞ্চলটো আগবাঢ়ি যাব। সংস্থাপন বাটো মুকলি হ'ব।'-এইদৰে কয় অযোধ্যাৰ এগৰাকী কলেজীয়া ছাত্ৰই।

উল্লেখ্য যে, বিচাৰৰ বাবে আৰু একাধিক বিষয় আছে বুলি স্পষ্ট কৰি দি অযোধ্যা বিবাদৰ গোচৰৰ ধাৰাবাহিক শুনানি জানুৱাৰী পৰ্যন্ত স্থগিত ৰাখিছিল উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ আদালতৰ উক্ত সিদ্ধান্তৰ পিছতে হিন্দুত্ববাদী সংগঠনসমূহে তীব্ৰতৰ কৰি তোলে মন্দিৰ নিৰ্মাণৰ দাবী।

ইফালে, ২০১৯ৰ সাধাৰণ নিৰ্বাচনলৈ দিন যিমানেই চমু চাপিছে সিমানেই বিষয়টোক লৈ সৰৱ হৈ পৰিছে একাংশ ৰাজনৈতিক দল। শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী চৰকাৰক হিন্দুত্ববাদী সংগঠনসমূহে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অধ্যোদেশ জাৰি কৰিবলৈকো দাবী উত্থাপন কৰিছে যদিও চৰকাৰে সেয়া গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই।

দিনদিয়েক পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়াই স্পষ্টকৈ কৈছে যে বিষয়টো আদালতৰ বিচাৰাধীন হৈ থকা পৰ্যন্ত চৰকাৰ তথা দলে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পক্ষপাতী নহয়। ৰাম মন্দিৰ বিষয়টোৱে দলক লাভান্বিত কৰাৰ পৰিৱৰ্তে ক্ষতি কৰিছে বুলিও মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে।

বিজেপি নেতাগৰাকীৰ এনে মন্তব্যৰ পিছতে ক্ষুব্ধ হৈ পৰিছে আৰএছএছ, বিশ্ব হিন্দু পৰিষদ, বজৰংগৰ লগতে ৰাজনৈতিক দল শিৱসেনাও। ইয়াৰ মাজতে আপ নেতাগৰাকীয়ে অযোধ্যাত ৰাম মন্দিৰৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ আগবঢ়োৱা প্ৰস্তাৱক সংশ্লিষ্ট দল-সংগঠনসমূহে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in