কৰ্মচাৰীসকললৈ বিশেষ আঁচনি, ডিমা হাছাওত হ’ব নতুন জিলা…

কৰ্মচাৰীসকললৈ বিশেষ আঁচনি, ডিমা হাছাওত হ’ব নতুন জিলা…
  • তিনিচুকীয়া, চৰাইদেউ, ডিব্ৰুগড় উন্নয়নৰ বাবে ৫০০ কোটি টকা আৱন্টন।
  • কৰ্মচাৰীসকললৈ কেচলেছ হেলথ ইন্সুৰেঞ্চ আঁচনি।
  • নগদ অবিহনে কৰ্মচাৰীসকলে কৰিব পাৰিব চিকিৎসা।
  • দেশৰ আগশাৰী চিকিৎসালয়ত লাভ কৰিব এই সুবিধা।
  • চিৰাঙত স্থাপন হ'ব বন মহাবিদ্যালয়।
  • কাৰ্বি পৰিষদলৈ ২০১৯-২০বৰ্ষৰ বাবে ১৬০ কোটি টকা মুকলি।
  • বৰাক উপত্যকা আৰু ষষ্ঠ অনুচ্ছেদ অঞ্চলৰ বাদে অসমৰ সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীলৈকে অসমীয়া বিষয় বাধ্যতামূলক।
  • ৰাজ্যৰ খিলঞ্জীয়া যুৱক-যুৱতীৰ নিয়োজন আৰু উন্নয়নৰ বাবে ১০০ কোটি ধাৰ্য।
  • বিটিচিলৈ ৩৫০ টকাৰ সাহায্য।
  • কোকৰাঝাৰত হ'ব ক্ৰীড়া মহাবিদ্যালয়।
  • ডিমা হাছাওৰ কৰ্মচাৰীৰ দৰমহাৰ বাবে বছৰী ২২ কোটি টকা আৰ্থিক সাহায্য ঘোষণা।
  • খিলঞ্জীয়া মুছলমানৰ বাবে হ'ব উন্নয়ন নিগম।
  • নিগম গঠনৰ পাছত লাভ কৰিব ১০০ কোটি টকা।
  • ৰাষ্ট্ৰীয় ক্ৰীড়া ২০২২ আয়োজন কৰা মেঘালয়লৈ ১০ কোটি টকা সাহায্য।
  • আহোম ৰাজধানী হাবুঙত হ'ব আন্তৰ্জাতিক গৱেষণা কেন্দ্ৰ।
  • ধলা-শদিয়া আৰু বগীবিলৰ কৰ্মহীন নাৱৰীয়াক দিয়া হ'ব সংস্থাপন।
  • ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ৫ কোটি টকা।
  • কৰ্মহীন হোটেল ব্যৱসায়ীসকলেও পাব পুনৰ সংস্থাপন।
  • পৰম্পৰাগত খেল সমাৰোহ আয়োজন কৰা সিদ্ধান্ত।
  • ইউ পি এছ চি, এ পি এছ চি প্ৰাৰ্থীক প্ৰশিক্ষণৰ ব্যৱস্থা।
  • মৰাণ-মটক শিক্ষাৰ্থীলৈ এই প্ৰশিক্ষণ।
  • ডিমা হাছাওত গঠন হ'ব নতুন জিলা।
  • হিতাধীকাৰীৰ দাতা হাবৰ ব্যৱস্থা।
  • প্ৰাথমিক বিদ্যালয়লৈ ২১৯ কোটি আৱন্টন।
  • জি এন এম কৰ্মীলৈ মাহে ১৫শ কোটি টকাকৈ অতিৰিক্ত গ্ৰামীণ ভাট্টা।
  • এ এন এম কৰ্মীলৈ মাহে ৭৫০ টকাকৈ গ্ৰামীণ ভাট্টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in