অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী সকললৈ সুখবৰ, ৪০ লাখ টকা পৰ্যন্ত দিব নালাগে জি এছ টি…

অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী সকললৈ সুখবৰ, ৪০ লাখ টকা পৰ্যন্ত দিব নালাগে জি এছ টি…
  • জি এছ টিৰ ক্ষেত্ৰত উল্লেখযোগ্য এক ঘোষণা বিত্ত মন্ত্ৰীৰ।
  • অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে পূৰ্বৰ ২০ লাখ টকাৰ পৰিৱৰ্তে ৪০ লাখ টকালৈকে দিব নালাগে জি এছ টি।
  • লগতে ডেৰ লাখ কোটি টকা লৈকে ১ শতাংশ জি এছ টি দিব লাগিব ৰাজ্যৰ ব্যৱসায়ীসকলে।
  • ০ শতাংশ কৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে।
  • ১১৯৩.৪ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে।
  • ইয়াৰ প্ৰাৰম্ভিক ঘাটি আছিল ১৭৯৯ কোটি টকা।
  • বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে দাখিল কৰিলে ৯৯,৪১৮ কোটি টকাৰ বাজেট।
  • অসমৰ মংগল আৰু জনগণৰ উন্নতিৰ বাবে চৰকাৰ দায়ৱদ্ধ বুলি উল্লেখ কৰি দিনৰ ১.৫৪ বজাত বাজেট ভাষণ সমাপ্ত কৰে বিত্তমন্ত্ৰীয়ে।
  • ইফালে, ৰাজ্যৰ ২৮টা স্থানত নিৰ্মাণ কৰা হ'ব জৰুৰীকালীন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়।
  • ইয়াৰ ৫ টা গৃহ নিৰ্মাণ সম্পন্ন।
  • গাঁওৰক্ষী বাহিনীৰ প্ৰতিজন সদস্যক প্ৰদান কৰা হ'ব একোখনকৈ চাইকেল।
  • পাৰাদ্বীপ বন্দৰৰ পৰা অসমৰ নুমলীগড় শোধনাগাৰলৈ স্থাপন কৰা হ'ব তেলৰ পাইপ।
  • ইয়াৰ বাবে ২২ হাজাৰ কোটি টকা আৱন্টন।
  • প্ৰধান মন্ত্ৰী আবাস যোঁজনাত লাভ কৰা ভূমিহীন হিতাধিকাৰীক মাটি ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৫০ হাজাৰ টকা।
  • গড়কাপ্তানী বিভাগৰ বাবে ৬২০০ কোটি টকা, দক্ষতা বিকাশৰ বাবে ৩২১ কোটি টকা, সমাজ কল্যাণ বিভাগৰ বাবে ২৩৮৩ কোটি টকা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বাবে ১৭৭ কোটি টকা, চাহ জনজাতি সকলৰ উন্নয়নৰ বাবে ১৪৩ কোটি টকা আৱন্টন।
  • পৰ্যটন বিভাগৰ বাবে ২১৮ কোটি টকা, ৰাজ্য ৰূপান্তৰ আৰু উন্নয়ন আঁচনিৰ বাবে ৩৩৩২ কোটি টকা, পাৰ্বত্য অঞ্চলৰ উন্নয়নৰ বাবে ২২৮৭ কোটি টকা, গৃহ বিভাগৰ ২৩৩৪ কোটি টকা আৱন্টন কৰাৰ ঘোষণা।
  • পৰিবহণ নিগমৰ বাবে ৬১১ কোটি টকা ধাৰ্য।
  • নগৰ উন্নয়নৰ বাবে ১৫০ কোটি টকা আৰু গুৱাহাটীক বাদ দি ৰাজ্যৰ আনবোৰ নগৰত ষ্ট্ৰীট লাইটৰ বাবে ৬১ কোটি টকা আৱন্টন।
  • ড্ৰেইন নিৰ্মাণৰ বাবে ১০০ কোটি টকা, জলসম্পদ বিভাগৰ বাবে ১৬৬ কোটি টকা, সংখ্যালঘু উন্নয়নৰ বাবে ২৬৫কোটি টকা, ভৈয়াম জনজাতিৰ উন্নয়নৰ বাবে ৪২১২কোটি টকা, গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ বাবে ২২শ কোটি টকা ধাৰ্য কৰা হৈছে।
  • ইতিমধ্যে ইয়াৰ বাবে মুঠ ৪০০ কোটি টকা মুকলাই দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in