পিকনিক খোৱা বাদ দি সদনলৈ আহক বিপিএফ দলৰ প্ৰতিনিধি সকল : প্ৰমোদ বড়ো

পিকনিক খোৱা বাদ দি সদনলৈ আহক বিপিএফ দলৰ প্ৰতিনিধি সকল : প্ৰমোদ বড়ো

ডিজিটেল সংবাদ, কোকৰাঝাৰ : পিকনিক খোৱা বাদ দি সদনলৈ আহক বিপিএফ দলৰ নিৰ্বাচিত প্ৰতিনিধিসকল । অকল শাসনত থাকিলে সদনলৈ আহিব আৰু শাসনত নাথাকিলে সদনলৈ নাহিব সেয়া নিত্যান্তই গৰিহণামুলক । ৰাইজে যিহেতু নিৰ্বাচিত কৰিছে সেয়া ৰাইজৰ প্ৰতিনিধি হিচাপে তেওঁলোক সদনত থকাটো উচিত । এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই।

প্ৰমোদ বড়ো নেৰ্তৃত্বাধীন বিজেপি ইউপিপিএল আৰু জিএচপিৰ সন্মিলিত পৰিষদীয় চৰকাৰখনে আজি সদনত পোণপ্ৰথমবাৰৰ বাবে বাজেট উত্থাপনৰ সময়ছোৱাত বিৰোধী দল তথা বিপিএফৰ নিৰ্বাচিত অনুপস্থিত থকাত উক্ত মন্তব্য প্ৰকাশ কৰিছে প্ৰমোদ বড়োই ।

মন্ত্ৰী চন্দন ব্ৰহ্মই আজি বিটিচিৰ নিৰ্বাচিত সদস্যসকলক লৈ চিৰাং জিলাত পিকনিক পাতিছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োই কয় যে বিগত ১৫ বছৰে সংসদীয় অভিজ্ঞতাৰে পৰিপুষ্ঠ , একালৰ বিটিচিৰ উপমুখ্য আৰু বৰ্তমানৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ এনে দায়িত্বজ্ঞানহীনতা মুঠেই গ্ৰহণযোগ্য নহয় । নিৰ্বাচিত সদস্যসকলক সদনলৈ আহি সদনৰ কাম-কাজত তথা আলোচনাত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছে প্ৰমোদ বড়োৱে ।

আনহাতে পূৰ্বৰ বিটিচি চৰকাৰে ২৩০০ কোটিৰ বকেয়া ধন আদায় দিবলৈ বাকী ৰাখি গৈছে আৰু এয়া নবনিৰ্বাচিত চৰকাৰৰ বাবে উপহাৰ বুলি কটাক্ষ কৰি প্ৰমোদ বড়োই কয় যে হাগ্ৰামা মহিলাৰীৰ বিভাগ লোকনিৰ্মান ১০০০ কোটি , চি ডি বিভাগত ৩৫০ কোটি বকেয়া আদায় দিবলৈ বাকী আছে । এই সকলোবোৰৰ ওপৰত বিভাগীয় তদন্ত হব , মুখ্যমন্ত্ৰী ভিজিলেন্স চেলৰ তদন্ত হব আৰু প্ৰয়োজনবশত চিবিআই তদন্তও হব বুলি মন্তব্য কৰি দূৰ্নীতি কৰা কোনেও সাৰি নাযাব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োই ।

উলেখ্য যে শুক্ৰবাৰে প্ৰমোদ বড়ো নেতৃত্বাধীন বিজেপি ইউপিপিএল আৰু জিএচপিৰ সন্মিলিত পৰিষদীয় চৰকাৰখনে সদনত পোণপ্ৰথমবাৰৰ বাবে বাজেট উত্থাপন কৰে । সৰ্বমুঠ ৩৯ টা বিভাগৰ বাবে ২০২০ -২০২১ বৰ্ষৰ বাবে ১৭৪৬ কোটি ৪৬ লাখ ২২হাজাৰ টকাৰ বাজেট দাখিল কৰে আৰু সৰ্বসন্মতি ক্ৰমে গৃহীত হয় । এইবেলি শিক্ষা , যাতায়ত , গ্ৰাম্য উন্নয়নত অধিক গুৰুত্ব দিয়া হব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োই । প্ৰশ্নোত্তৰ শিতানত কেবাগৰাকী নিৰ্বাচিত সদস্যই প্ৰশ্ন উত্থাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in