ৰাজ্যৰ ৬ বিশ্ববিদ্যালয়লৈ ৫০ কোটিকৈ ঘোষণাঃ আৰু বহু শিক্ষানুষ্ঠানলৈ অনুদান, চাওক সম্পূৰ্ণ তালিকা…

ৰাজ্যৰ ৬ বিশ্ববিদ্যালয়লৈ ৫০ কোটিকৈ ঘোষণাঃ  আৰু বহু শিক্ষানুষ্ঠানলৈ অনুদান, চাওক সম্পূৰ্ণ তালিকা…
  • বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত ৬ খন বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
  • মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আগবঢ়োৱা হৈছে এই অনুদান।
  • ইয়াৰ উপৰিও, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়লৈও আগবঢ়োৱা হৈছে এই অনুদান।
  • আনহাতে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  • মুঠ ৭ খন এনে মহাবিদ্যালয়লৈ ১০ কোটিকৈ টকাৰ অনুদান আঅগবঢ়োৱা হৈছে।
  • এই অনুদান লাভ কৰিব শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাওঁ মহাবিদ্যালয়।
  • ইয়াৰ উপৰিও গুৱাহাটী বিশ্ববিদ্যালয়ত ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰৰ বাবে ২৫ কোটি টকা, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়লৈ ১৫ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে।
  • অসম কৃষি বিশবিদ্যালয়ৰ অধীনস্থ ৯ খন মহাবিদ্যালয় উন্নীতকৰণৰ বাবে ২৫ কোটি টকা, আন্তঃগাঁথনি উন্নয়নৰ বাবে টি আই এছ এছলৈ ১৫ কোটি টকা আগবঢ়োৱা হৈছে।
  • হাফলং মহাবিদ্যালয়ত বিজ্ঞান ব্লক নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ অনুদানৰ কথাও ঘোষণা কৰা হৈছে বাজেটত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in