বাজেটক লৈ অসন্তুষ্ট বীমা কৰ্মচাৰীঃ ৩,৪ ফেব্ৰুৱাৰীত ধৰ্মঘট…

বাজেটক লৈ অসন্তুষ্ট বীমা কৰ্মচাৰীঃ ৩,৪ ফেব্ৰুৱাৰীত ধৰ্মঘট…

ডিজিটেল ডেস্কঃ ইতিহাসৰ দীৰ্ঘতম বাজেট পাঠ কৰিলেও বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ তথা মোডী চৰকাৰৰ বাজেটক লৈ সন্তুষ্ট নহয় বিৰোধীৰ লগতে অন্য একাংশ লোক। বাজেট দাখিলৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বাজেটক সাৰশূণ্য আখ্যা দিয়াৰ পিছতে বাজেটক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ভাৰতীয় জীৱন বীমা নিগমৰ কৰ্মচাৰীসকলে।

২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটত ভাৰতীয় জীৱন বীমা নিগমৰ অংশীদাৰিত্ব ব্যক্তিগত খণ্ডক বিক্ৰী কৰাৰ কথা ঘোষণা কৰাৰ পিছতে জীৱন বীমা নিগমৰ কৰ্মচাৰী সংস্থাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। বীমা কৰ্মচাৰী সকলে ৩, ৪ ফেব্ৰুৱাৰীত এঘন্টাৰ বাবে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী সমগ্ৰ দেশত ৰূপায়ন কৰা হব বুলি ঘোষণা কৰিছে।

কলকাতা জীৱন বীমা নিগম সংস্থাৰ উপাধ্যক্ষ প্ৰদীপ মুখাৰ্জীয়ে সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে যে, অহা মঙলবাৰে আমি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিম। এই কাৰ্যসূচী সমাপন হোৱাৰ পাছতে সংস্থাৰ পিছৰ পদক্ষেপ ৰাজহুৱা কৰা হ'ব বুলি মুখাৰ্জীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in