বিটিআৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ওদালগুৰিত প্ৰদেশ কংগ্ৰেছৰ দল, ‘ৰঞ্জিৎ দাস নহয়, অমিত শ্বাহৰ মতেহে অসমৰ বিজেপি চলে’

বিটিআৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ওদালগুৰিত প্ৰদেশ কংগ্ৰেছৰ দল, ‘ৰঞ্জিৎ দাস নহয়, অমিত শ্বাহৰ মতেহে অসমৰ বিজেপি চলে’

ডিজিটেল সংবাদ, ওদালগুৰিঃ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ বিটিআৰৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। বিপিএফ, ইউপিপিএল তথা বিজেপিয়ে একপ্ৰকাৰ নিৰ্বাচনক লৈ ৰণকৌশল প্ৰস্তুত কৰাৰ সময়তে এইবাৰ বিটিআৰৰ বিভিন্ন জিলাই জিলাই ঘুৰি বিভিন্ন ৰাইজৰ মাজত মতামত বিচাৰি একপ্ৰকাৰ নিৰ্বাচনৰ ৰণশিঙা বজালে কংগ্ৰেছে। শীৰ্ষ কংগ্ৰেছ নেতা ভুপেন বৰা, হীৰন্য বৰা, দুৰ্গা দাস বড়ো আৰু প্ৰাক্তন মন্ত্ৰী বসন্ত দাসৰ নেতৃত্বত বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ এটি সজাতি দলে আবেলি বিটিআৰৰ অন্যতম জিলা ওদালগুৰিত উপস্থিত হৈ বিভিন্ন দল-সংগঠনৰ হৈ আলোচনাত মিলিত হয়।

দলটোৱে ওদালগুৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ সংগঠনটোৰ বিষয়বৱীয়াৰ সৈতে আলোচনাত মিলিত হৈ বিটিআৰৰ ভূমি, ৰাজনৈতিক, ভাষাৰ অধিকাৰ সন্দৰ্ভত আলোচনা কৰে। আলোচনাৰ অন্তত কংগ্ৰেছ নেতা ভূপেন বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, "বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে সিদ্ধান্ত লৈছে যে এই অঞ্চলত বসৱাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী, বিভিন্ন ৰাজনৈতিক দল-ছাত্ৰ সংগঠনক লগ কৰি চুক্তিখন সন্দৰ্ভত ৰাইজৰ অনুভৱ বুজ লোৱা হওঁক। আমি বৰ্তমান আজি বিটিআৰৰ দ্বিতীয়খন জিলা ভ্ৰমণ কৰিলো। বিটিআৰৰ চাৰিওখন জিলাৰ এইসকল সংগঠন তথা জ্যেষ্ঠ লোকসকলৰ চুক্তি সন্দৰ্ভত মতামত তথা দিক নিৰ্ণয়ৰ বাবে বিটিআৰ পৰিভ্ৰমণ কৰিছো।

এই সন্দৰ্ভত আগন্তুক ২০ ফেব্ৰুৱাৰীত প্ৰদেশ কংগ্ৰেছক এক প্ৰতিবেদন দাখিল কৰিম। ইয়াৰ জৰিয়তে আগন্তুক দিনত বিৰোধী অথবা শাসনত থাকি কংগ্ৰেছে এই অঞ্চলৰ অভাৱ অভিযোগসমূহ নাশ কৰি কেনেদৰে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পৰা যাব সেই সন্দৰ্ভত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব‌ক অৱগত কৰিম। ২০ ফেব্ৰুৱাৰীত প্ৰতিৱেদন দাখিল কৰাৰ পাছতহে আগন্তুক বিটিআৰত নিৰ্বাচনত কংগ্ৰেছে কেনেধৰণে অংশগ্ৰহণ কৰিব সেয়া স্পষ্ট কৰা হ'ব। ইফালে প্ৰদেশ কংগ্ৰেছৰ দলটোৰ সৈতে থকা কংগ্ৰেছ নেতা দূৰ্গা দাস বড়োৱে সাংবাদিকৰ আগত সদৰী কৰি কয় "বিগত দিনবোৰত বিটিআৰ অঞ্চলত শান্তিৰ হকে দুখনকৈ চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে অঞ্চলটোত স্থায়ী শান্তি স্থাপন নহ'ল যদিও এইবাৰৰ বিটিআৰ চুক্তিৰ জৰিয়তে শান্তি স্থাপনৰ আশা কৰিছে অঞ্চলটোৰ ৰাইছে। যিহেতু চুক্তি স্বাক্ষৰকাৰী নেতাসকলে বিটিআৰত সশস্ত্ৰ সংগ্ৰাম শেষ বুলি ঘোষণা কৰিছে সেয়া যেন সচাঁকৈয়ে শেষ হওঁক। বিটিআৰত বিগত তিনিটা কাৰৃযকালৰ বাবে শাসন চলোৱা নেতৃত্বই এই অঞ্চলৰ ৰাইজক বঞ্চিত কৰি আহিছে। বিগত প্ৰায় চাৰিমাহ পূৰ্ৱে বিটিআৰৰ ৪০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩৫ টা সমষ্টিটেই কংগ্ৰেছে পৰিষদীয় সমিতি গঠন কৰিছে যদিও হঠাৎ সম্পাদিত হোৱা বিটিআৰ চুক্তিয়ে কিছু পৰিমাণে ৰণনীতি সলনি কৰিবলৈ বাধ্য কৰাইছে।"

লগতে বড়োৱে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে, "নিৰ্বাচন সম্পৰ্কে বিটিআৰৰ তিনিটাকৈ ৰাজনৈতিক দলৰে তিনিবাৰকৈ আলোচনাত বহিছো। কিন্তু বৰ্তমান এই দলৰ নামসমূহ আমি ৰাজহুৱা কৰিব নোৱাৰো। যিহেতু বৰ্তমান অঞ্চলটোৰ ৰাজনৈতিক প্ৰেক্ষাপত সলনি হৈছে সেয়েহে আলোচনা চলোৱা দলসমূহৰ মতৰ ওপৰত সকলো নিৰ্ভৰ কৰিব।" ইফালে কংগ্ৰেছী নেতা বড়োৱে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসক কতাক্ষ কৰি কয় যে, "দাসে বিটিআৰ সন্দৰ্ভত মন্তব্য কৰি আছে যদিও এই মতৰ কোনো মূল্য নাই। বিজেপিৰ মতামত নিৰৃভৰ কৰিব কেৱল অমিত শ্বাহৰ ওপৰত। এফালে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মূখ্যমন্ত্ৰী সোণোৱালে আগন্তুক দিনত বিটিআৰ নিৰ্বাচনত বিপিএফ, বিজেপি আৰু অগপৰ মিত্ৰজোঁট অব্যাহত থাকিব বুলি মন্তব্য কৰি আহিছে। ইয়াৰ বিপৰীতে ৰঞ্জিৎ দাসে দিয়া ভাষ্য আশ্চৰ্যজনক।" প্ৰদেশ কংগ্ৰেছৰ দলটোৱে ইয়াৰ পাছত ওদালগুৰিস্থিত কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰাৰ কথাও উল্লেখ কৰে। উল্লেখ্য যে, কংগ্ৰেছী দলটোৱে ওদালগুৰি আছুৰ সৈতে আলোচনাত বহিব বিচাৰিছিল যদিও আছুৱে কোনো ধৰণৰ আলোচনাত বহিবলৈ ইচ্ছুক নোহোৱা বুলি আছুৰ সূত্ৰই সাংবাদিকক জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in