বিটিআৰত হব নতুন শিক্ষানীতি, প্ৰদান কৰা হব গুণগত শিক্ষা : প্ৰমোদ

বিটিআৰত হব নতুন শিক্ষানীতি,  প্ৰদান কৰা হব গুণগত শিক্ষা : প্ৰমোদ

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰত নতুন শিক্ষানীতিৰ খচৰা তৈয়াৰ কৰা হব । জানুৱাৰী মাহৰ পৰাই প্ৰাথমিক পৰ্যায়ৰ পৰা কেৰিয়াৰ কাউনঞ্চিংৰ কাম আৰম্ভ কৰা হব ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ অনুসৰি দীৰ্ঘম্যাদী পৰিকল্পনাৰে উপযুক্ত শিক্ষাৰে শিক্ষিত আৰু প্ৰশিক্ষিত কৰি সংস্থাপুত কৰা হব । এই মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ।

সোমবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ তিতাগুৰী হাইস্কুল প্ৰাংগনত ছোৱালীৰ বাবে হোষ্টেল মুকলি কৰি উক্ত মন্তব্য প্ৰকাশ কৰিছে প্ৰমোদ বড়োই । ছোৱালীৰ বাবে হোষ্টেল মুকলি উপলক্ষে অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই কয় যে আমি যুগৰ সতে খাপ খোৱা শিক্ষাৰে শিক্ষিত হব লাগিব । যুগৰ সতে খাপ খোৱা শিক্ষাৰে শিক্ষিত নহলে সংস্থাপনৰ বাবে যুঁজ কৰিব লগা হয় বুলি মন্তব্যৰে প্ৰমোদ বড়োই কয় যে বিটিআৰৰ ছাত্ৰ -ছাত্ৰীসকলক মঙ্গলাৰ্থে সম্ভৱপৰ সকলো ব্যৱস্থাই গ্ৰহণ কৰা হব বুলি মন্তব্য কৰিছে ।

কোকৰাঝাৰ জিলা শিক্ষা বিষয়া জয়পালসিং ব্ৰহ্মই আঁত ধৰা অনুষ্ঠানটোত প্ৰমোদ বড়োই অভিভাৱক – শিক্ষাৰ্থী আৰু শিক্ষকৰ সুসমন্বয়ে হে শিক্ষাদান ফলপ্ৰসু হয় বুলি মন্তব্য কৰি ৰাজ্য চৰকাৰ , কেন্দ্ৰীয় চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ সুসমন্বয়ত বিটিআৰৰ শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰা হব বুলি ভাষণত উল্লেখ কৰে । তিতাগুৰী হাইস্কুল প্ৰাংগনত ছোৱালী হোষ্টেল মুকলি উপলক্ষে সোমবাৰে অনুষ্ঠিত হোৱা সভাত বিটিচিৰ শিক্ষা সঞ্চালক জে পি ব্ৰহ্ম , কোকৰাঝাৰ শিক্ষাখণ্ড বিষয়া প্ৰদীপ কুমাৰ গয়াৰী , বিটিচিৰ শিক্ষা সচিব , বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক -শিক্ষয়ত্ৰী , ছাত্ৰ-ছাত্ৰী , অভিভাৱক উপস্থিত থাকে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in