বিটিআৰ চুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিছে : হিমন্ত…

বিটিআৰ চুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিছে : হিমন্ত…

ডিজিটেল সংবাদ ,কোকৰাঝাৰ: সূদীৰ্ঘ সোতৰ বছৰৰ পিছত মঙলবাৰে বিটিচিৰ দ্বিতীয়গৰাকী মুখ্য কাৰ্যৱাহী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে প্ৰমোদ বড়োই। হাগ্ৰামাৰাজৰ অন্ত পেলাই পৰিবৰ্তনৰ শ্লোগানেৰে বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰাৰ পিছতেই আজি বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ উপস্থিতিত প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে বড়ো ভাষাত শপতবাক্য পাঠ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , সাংসদ নৱ শৰণীয়া , সাংসদ ভূৱনেশ্বৰ কলিতা , মন্ত্ৰী ভৱেশ কলিতাকে ধৰি আন বহু বিশিষ্ট অতিথিৰ উপস্থিতিত প্ৰমোদ বড়োক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ৰাজ্যৰ মুখ্যসচিব জিষ্ণু বৰুৱাই। বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে প্ৰমোদ বড়োই গোপনীয়তাৰ শপত বাক্য পাঠ কৰাৰ লগতে ইউপিপিএলৰ নিৰ্বাচিত সদস্য গোৱিন্দ বসুমতাৰীয়ে উপ মুখ্য কাৰ্যবাহী হিচাপে , বিজেপিৰ পৰা গৌতম দাস আৰু দিগন্ত বৰুৱা আৰু জিএচপিৰ পৰা ঘনশ্যাম দাসে কাৰ্যবাহী সদস্য হিচাপে শপতবাক্য পাঠ কৰে।

মুখ্য কাৰ্যবাহী হিচাপে শপত বাক্য পাঠ কৰাৰ অন্তত নিজ ভাষণ প্ৰসংগত বিটিচি প্ৰধান প্ৰমোদ বড়োই বিটিআৰ চুক্তিক মানৱতাৰ চুক্তি হিচাপে উল্লেখ কৰি বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠনেৰে নতুন সমাজ গঢ়াৰ পণ লৈছে বুলি মন্তব্য কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , অমিত শ্বাহ , ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰমোদ বড়োই দূৰ্নীতিমুক্ত , হিংসামুক্ত বিটিআৰ গঠনৰ প্ৰতিশ্ৰুতি দিয়ে । সম অধিকাৰ -সম উন্নয়ন – সমবিকাশৰ প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়োই কয় যে বিটিআৰ অঞ্চলত কাৰো ভূমিৰ অধিকাৰ কোনোপধ্যে খৰ্ব কৰা নহয় বৰঞ্চ আইন সংশোধন কৰি হলেও ভূমিৰ অধিকাৰ দিয়া হব বুলি ঘোষণা কৰিছে প্ৰমোদ বড়োই ।

সকলোৰে সমস্যা সমাধানৰ বাবে প্ৰচেষ্ঠা লোৱা হব আৰু যি কাম পৰিষদীয় চৰকাৰে কৰিব নোৱাৰে তেনে কাম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কৰা হব বুলি সদৰি কৰিছে । কোকৰাঝাৰ এতিয়াৰে পৰা শান্তিৰ নগৰী হব বুলি আশা প্ৰকাশ কৰি দূৰ্নীতিমুক্ত বিটিআৰ গঠনৰ ক্ষেত্ৰত সকলো বিষয়া কৰ্মচাৰীৰে সহযোগ কামনা কৰে।
ইপিনে শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিআৰত বসৱাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীকে সন্মান সহকাৰে আগবঢ়াই নিব লাগিব বুলি মন্তব্যৰে সংঘাতৰ সলনি সমন্বয় আৰু আন্তৰিকতাৰে সকলোকে আগবাঢ়ি যাবলৈ আহ্বান জনায় । মাটি, ভেটি, কলা-কৃষ্টি , ভাষা-সংস্কৃতি -সাহিত্য ৰক্ষাৰ দায়িত্ব চৰকাৰৰ বুলি মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে প্ৰমোদ বড়োই সততা আৰু নিষ্ঠাৰে কাম কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে । এনডিএফবিৰ পদক্ষেপক শলাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোৰে নিৰাপত্তা সুনিশ্চিত কৰা হব বুলি মন্তব্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাগ্ৰামা মহিলাৰীকো চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাইছে।


ইপিনে শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াহে প্ৰকৃত গণতন্ত্ৰ ৰাইজে উপভোগ কৰিলে বুলি মন্তব্যৰে ৰাইজক সেৱা কৰিবলৈকে প্ৰমোদ বড়ো ওলাই আহিছে বুলি ভাষণত উল্লেখ কৰে । সন্দেহ , আশাংকাৰ বীজ আতৰাই উন্নয়নৰ যাত্ৰাত সকলোকে অংশীদাৰ হবলৈ আহ্বান জনাই সমঅধিকাৰ , সমমৰ্যদা প্ৰতিষ্ঠা হব বুলি ঘোষণা কৰি অহা এমাহৰ ভিতৰতে ৪০খন কলেজ , তামোলপুৰত মেডিকেল কলেজ , ২০২২ চনৰ ১ জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজ মুকলি আদিকে ধৰি বহু উন্নয়নমুলক আঁচনি গ্ৰহণ কৰা হব বুলি মত প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বিটিআৰ চুক্তিয়ে নতুন দিগন্থৰ সূচনা কৰিছে বুলি মন্তব্যৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমন্বয়ৰ সেঁতু গঢ়াৰ বাবে সকলোলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে শপতগ্ৰহণ অনুষ্ঠানৰ পিছত প্ৰমোদ বড়োই বিটিচি সচিবালয়ত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে বিটিচি সচিবালয়ৰ বিষয়া -কৰ্মচাৰীৰ সতে এক বৈঠকত মিলিত হয় আৰু কৰ্মসংস্কৃতি গঢ়াৰ আহ্বান জনায় । ইয়াৰোপৰি দূৰ্নীতিমুক্ত বিটিআৰ গঠনৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in