পুনৰ বিটিচিৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ খুলিলে ইউপিপিএল নেতা পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে

পুনৰ বিটিচিৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ খুলিলে ইউপিপিএল নেতা পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে

ডিজিটেল সংবাদ, ওদালগুৰিঃ পৰিবহন বিভাগৰ সমান্তৰালভাৱে বিটিচিৰ মীন বিভাগ আৰু পঞ্চায়ত গ্ৰামোন্নয়ণ বিভাগত সংঘটিত হৈছে ভয়ংকৰ নিযুক্তি কেলেংকাৰী। আজি তথ্যসহ সাংবাদিকৰ সন্মুখত পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে ঘোষণা কৰে এই ভয়ংকৰ নিযুক্তি কেলেংকাৰীৰ কথা। আজি ওদালগুৰি জিলা ইউপিপিএল কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিটিচিৰ মীন বিভাগ আৰু পঞ্চায়ত গ্ৰামোন্নয়ণ বিভাগত নিযুক্তিৰ ক্ষেত্ৰত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য দাঙি ধৰে ইউপিপিএল নেতা পৃথ্বীৰাজ নাৰায়ন দেৱ মেচে।

বিগত কিছুদিন পূৰ্ৱে বিটিচিৰ পৰিবহন বিভাগত হোৱা ভয়ংকৰ নিযুক্তি কেলেংকাৰীৰ তথ্য পোহৰলৈ অনা নেতাজনে আজি সংবাদমেলত আন কেতবোৰ ভয়ংকৰ দুৰ্নীতিৰ কথা উদঙাই দিছে। বিশেষকৈ হাগ্ৰামাৰ নেতৃত্বাধীন পৰিষদখনত বিটিচি নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাকমূহুৰ্তত মীন বিভাগ আৰু পঞ্চায়ত গ্ৰামোন্নয়ণ বিভাগৰ কেইৱাটাও পদত বক্ৰ পথেৰে নিযুক্তিপত্ৰ প্ৰদান কৰাৰ তথ্য ৰাজহুৱা কৰে। ইয়াৰ ভিতৰত মীন বিভাগৰ ১৪টাকৈ পদৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ১৩টাকৈ পদত কোনো ধৰণৰ বাচনি পৰীক্ষা অৱিহনে নিযুক্তি হোৱাৰ কথা উল্লেখ কৰে।

ফলত এই নিযুক্তিসমূহ যে অবৈধ সেয়া পোহৰলৈ আহিছে। আগন্তুক দিনত এনেবোৰ কেলেংকাৰীৰ জবাবদিহি হাগ্ৰামা মহিলাৰীয়ে হব লাগিব বুলি উল্লেখ কৰি এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ কথাও উল্লেখ কৰে। লগতে উক্ত গোচৰটো সন্দৰ্ভত কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ হোৱাৰ কথা সংবাদমেলত নেতাগৰাকীয়ে উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in