বিটিচি পৰিষদীয় নিৰ্বাচনঃ ৩,২৩,৭০৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩২ প্ৰাৰ্থীৰ ভাগ্য…

বিটিচি পৰিষদীয় নিৰ্বাচনঃ ৩,২৩,৭০৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩২ প্ৰাৰ্থীৰ ভাগ্য…

ডিজিটেল সংবাদ,ওদালগুৰিঃ আগন্তুক ৭ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। এই প্ৰথম পৰ্যায়ত বিটিচিৰ চাৰিখন জিলাৰ ভিতৰত দুখন জিলা ক্ৰমে ওদালগুৰি আৰু বাক্সা জিলাক সামৰি লোৱা হৈছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰাই প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ অভিযান ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে। ওদালগুৰি জিলাখনৰ ১০ টাকৈ পৰিষদীয় সমষ্টিৰ ভিতৰত পাঁচটা সমষ্টি ওদালগুৰি মহকুমাৰ বিপৰীতে আন পাঁচটা পৰিষদীয় সমষ্টি ভেৰগাওঁ মহকুমা প্ৰশাসনে পৰিচালনা কৰিব।

সেই অনুসৰি ওদালগুৰি মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টি ক্ৰমে ৩৬ নম্বৰ হৰিশিঙা, ৩৭ নম্বৰ ধনশ্ৰী, ৩৮ নম্বৰ ভৈৰৱকুণ্ড, ৩৯ নম্বৰ পাচনৈ ছেৰফাং আৰু ৪০ নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিৰ মুঠ ৩২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সেই অনুসৰি ৩৬ নম্বৰ হৰিশিঙা সমষ্টিত ত্ৰিদীপ দৈমাৰী(বিপিএফ), সঞ্জয় স্বৰ্গীয়াৰী(ইউপিপিএল), ৰিঞ্জয় বড়ো(বিজেপি), চুৰেণ দৈমাৰী(ভিপিআই) আৰু বাপন চন্দ্ৰ ৰাভা(নিৰ্দলীয়) হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ৩৭ নম্বৰ ধনশ্ৰী পৰিষদীয় সমষ্টিত ফ্ৰেছ মোছাহাৰী(বিপিএফ), মিঠাৰাম বসুমতাৰী(এআইইউডিএফ), ৰাধেশ্বৰী বড়ো(বিজেপি), হৰকান্ত বড়ো(ভিপিআই), ৰুজুগৌৰা বসুমতাৰী(ইউপিপিএল), মুক্তি দৈমাৰী(নিৰ্দলীয়), ডিম্বেশ্বৰ ৰাভা(নিৰ্দলীয়) হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

৩৮ নম্বৰ ভৈৰৱকুণ্ড সমষ্টিত ৰিপেন দৈমাৰী(বিপিএফ), গোবিন্দ বসুমতাৰী(ইউপিপিএল), প্ৰদীপ কুমাৰ দৈমাৰী(কংগ্ৰেছ), বিৰদাও বসুমতাৰী(বিজেপি), জয়মাল দৈমাৰী(ভিপিআই) আৰু ধনজিৎ মেধী(নিৰ্দলীয়) হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ৩৯ নম্বৰ পাচনৈ ছেৰফাং সমষ্টিত শ্যাম চুণ্ডী(বিপিএফ), নৱজ্যোতি কুৰ্মী(কংগ্ৰেছ), দিপক বৰাল(ইউপিপিএল), দিপক মৌড়(বিজেপি), সুনীল সৰকাৰ(ভিপিআই), আৰু ৰবীন(নিৰ্দলীয়) হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ৪০ নম্বৰ ৰৌতা সমষ্টিত প্ৰেমানন্দ ব্ৰহ্ম(কংগ্ৰেছ), খগেন চন্দ্ৰ মোছাহাৰী(বিপিএফ), ড৹ নিলুট স্বৰ্গীয়াৰী(ইউপিপিএল), কষ্টৰাম বাগলাৰী(বিজেপি), সাৰথি বসুমতাৰী(ভিপিআই), বিজু শংকৰ ৰাভা(নিৰ্দলীয়), ছাৰাংছা দৈমাৰী(নিৰ্দলীয়) আৰু মণ্টু বসুমতাৰী(নিৰ্দলীয়) হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।
সমান্তৰালভাৱে মহকুমাটোৰ পাঁচটা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৩,২৩,৭০৩ গৰাকী ভোটাৰে এইবাৰ নিৰ্ণয় কৰিব ৩২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত হৰিশিঙা পৰিষদীয় সমষ্টিত ২৯,৩২২ গৰাকী পুৰুষ আৰু ২৯,৬২৮ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ৫৮,৯৫০ গৰাকী। ধনশ্ৰী পৰিষদীয় সমষ্টিত ৩৫,৩৮৬ গৰাকী পুৰুষ আৰু ৩৪,৪৫২ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ৬৯,৮৩৮ গৰাকী। ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত ৩২,৩৮২ গৰাকী পুৰুষ আৰু ৩১,৭৬৮ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ৬৪,১৫০ গৰাকী। পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টিত ৩৩,৩০৬ গৰাকী পুৰুষ আৰু ৩১,২৫০ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ৬৪,৫৫৬ গৰাকী।

ৰৌতা পৰিষদীয় সমষ্টিত ৩৩,৬৫৭ গৰাকী পুৰুষ আৰু ৩২,৫৫২ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ৬৬,২০৩ গৰাকী। উল্লেখ্য যে বিগত ২০১৫ চনৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ তুলনাত এইবেলি ২০২০ চনৰ নিৰ্বাচনত প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে ভোটাৰৰ পৰিমাণ। সেই অনুসৰি হৰিশিঙা সমষ্টিত ১৮.১০%, ধনশ্ৰী সমষ্টিত ২২.১০%, ভৈৰৱকুণ্ড সমষ্টিত ১৫.৫৩%, পাঁচনৈ ছেৰফাং সমষ্টিত ২০.৩৩% আৰু ৰৌতা পৰিষদীয় সমষ্টিত ১৫.৮৯% ভোটাৰৰ পৰিমাণ বৃদ্ধি পাইছে।

ইফালে আগন্তুক পৰিষদীয় নিৰ্বাচন সুচৰুৰূপে পৰিচালনা কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ওদালগুৰি মহকুমা প্ৰশাসন। ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে ওদালগুৰি মহকুমা প্ৰশাসনে পাঁচটা পৰিষদীয় সমষ্টিৰ ৪১২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ২,০৫৬ গৰাকী কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ৬৩ গৰাকী ছেক্টৰ আৰু ১০ গৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। সেই অনুসৰি ৩৬ নম্বৰ হৰিশিঙা পৰিষদীয় সমষ্টিৰ ৭৬ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ১২ গৰাকী ছেক্টৰ বিষয়া আৰু দুগৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। ৩৭ নম্বৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ ৮২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ১২ গৰাকী ছেক্টৰ বিষয়া আৰু দুগৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে।

৩৮ নম্বৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ ৮৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ১৩ গৰাকী ছেক্টৰ বিষয়া আৰু দুগৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। ৩৯ নম্বৰ পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ ৮১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ১৪ গৰাকী ছেক্টৰ বিষয়া আৰু দুগৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। ৪০ নম্বৰ ৰৌতা পৰিষদীয় সমষ্টিৰ ৮৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ১২ গৰাকী ছেক্টৰ বিষয়া আৰু দুগৰাকী জোনেল বিষয়াক নিয়োগ কৰিছে। যাতে সুচাৰুৰূপে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায় তাৰ বাবে নিৰ্বাচনী বিভাগৰ লগতে আৰক্ষী প্ৰশাসনেও ব্লুপ্ৰিণ্ট ৰচনা কৰিছে বুলি জনিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in