বিটিচিত ধাৰাবাহিকভাৱে উদ্ধাৰ হৈ আছে অস্ত্ৰ ভাণ্ডাৰ…

বিটিচিত ধাৰাবাহিকভাৱে উদ্ধাৰ হৈ আছে অস্ত্ৰ ভাণ্ডাৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিটিচিত নিৰ্বাচনী কুচকাৱাজ চলি থকাৰ মাজতে বিটিএডিৰ চাৰিওখন জিলাত ধাৰাবাহিকভাৱে উদ্ধাৰ হৈ আহিছে অবৈধ মাৰণাস্ত্ৰ। মাৰ্চ মাহৰ পৰা বৰ্তমানলৈকে বিগত পাঁচ মাহত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। শেহতীয়াকৈ ওদালগুৰিটো উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা এইছকে ৩৩ ৰাইফল, এটা এম-১৬ ৰাইফল, ১২টা একে ছিৰিজৰ ৰাইফল, এটা আৰপিজি লাঞ্চাৰ, পাঁচটা এইছ চি বম, চাৰিটা হেণ্ড পিষ্টল, ৪২টা গ্ৰেণেড, ১১২ টা ডিটনেটৰসহ তাঁৰ, এটা এছএলআৰ, এটা ৱাকিটকিসহ প্ৰায় ৩৫০ৰো অধিক সক্ৰিয় গুলী।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে এই অভিযান চলাই মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰিছে অস্ত্ৰসমূহ। বিগত ৯ মাৰ্চত নিশা আৰক্ষীয়ে চলোৱা অভিযানত ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত খাওৰাঙৰ পৰা এটা এছএলআৰসহ ৬জাই সজীৱ গুলী, এটা পইণ্ট ৭৫পিষ্টলসহ ২ জাই সজীৱ গুলী, এটা চাইনীজ গ্ৰেণেডৰ লগতে এটা ৱাকিটকি উদ্ধাৰ কৰিছিল। ১৬ মাৰ্চত ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নম্বৰ বান্দৰগুৰি গাওঁত আৰক্ষীয়ে অভিযান চলাই এটা একে-৫৬ ৰাইফলসহ ১২ জাই সজীৱ গুলী, এটা আৰপিজি লাঞ্চাৰসহ পাঁচটা এইছচি বম, ৪০ টা উচ্চ প্ৰাৱল্যৰ গ্ৰেণেড, ১১২টা ডিটনেটৰসহ তাঁৰ আৰক্ষীয়ে উদ্ধাৰ কৰে।

১০মে'ত ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ফুহুৰাবাৰীত এছএছবিয়ে অভিযান চলাই এটা চাইনীজ ৭.৬৫ পিষ্টলসহ তিনি জাই সজীৱ গুলীৰ লগতে একে৪৭ৰ পাঁচটা গুলী উদ্ধাৰ কৰে। ২২ মে'ত আৰক্ষীয়ে অভিযান চলাই ওদালগুৰিৰ ১ নম্বৰ গৰৈবাৰীৰ পৰা এটা একে৫৬ ৰাইফলসহ ১৬ জাই গুলী, ৮টা খালী কাৰ্টিজ, এটা হস্তনিৰ্মিত পিষ্টলসহ ১১ জাই সজীৱ গুলীৰ লগতে এটা ছাইনীজ গ্ৰেণেড উদ্ধাৰ কৰে।

ঠিক একেদৰে ২৪ জুনতো আৰক্ষীয়ে ওদালগুৰিৰ খেমেনগাওঁত অভিযান চলাই দুটা একে৪৭ ৰাইফল, দুটা একে৫৬ ৰাইফল, চাৰিটা মেগজিনসহ ২২০ জাই গুলী উদ্ধাৰ কৰে। ৪ জুলাইত ওদালগুৰি জিলাৰ দুখনকৈ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত চলিছিল অভিযান। এই অভিযানত ওদালগুৰিৰ সিন্ধিৰাৰ পৰা এটা এম২০ পিষ্টলসহ ৮ জাই সজীৱ গুলী, এটা নাইনএমএমসহ ২ জাই সজীৱ গুলী উদ্ধাৰ হোৱাৰ লগতে একেদিনাই হৰিশিঙাৰ আমজুলিত দুটা একে৫৬ ৰাইফল তিনিটা মেগজিনসহ ৭১ জাই সজীৱ গুলী উদ্ধাৰ হয়। ১৮ জুলাইত হৰিশিঙাৰ ২ নম্বৰ ঘাগ্ৰাৰ পৰা আৰক্ষীয়ে এটা এইছকে৩৩ ৰাইফল, এটা এম১৬ ৰাইফল, এটা একে৪৭ ৰাইফল, চাৰিটা মেগজিনসহ ২৭ জাই গুলী উদ্ধাৰ কৰে। ২২ জুলাইত এছএছবিয়ে ওদালগুৰিৰ সিন্ধিঝৰাত অভিযান চলাই দটা হেণ্ড গ্ৰেণেডসহ ৪০ জাই সজীৱ গুলী উদ্ধাৰ কৰে।

ইফালে সোমবাৰে আৰক্ষীয়ে অভিযান চলাই মাজবাটৰ দেওচানীৰ পৰা ৩টা একে৫৬ ৰাইফল, মেগজিনসহ ২০ জাই সজীৱ গুলী উদ্ধাৰ কৰে। উল্লেখ্য যে আটাইকেইটা অভিযানতে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সন্দৰ্ভত সংশ্লিষ্ট প্ৰতিখন থানাতে গোচৰ ৰুজু কৰা হৈছে। অস্ত্ৰসমূহ কোনে লুকুৱাই ৰাখিছিল সেয়া স্পষ্ট হোৱা নাই যদিও তদন্তৰ অন্তত সকলো কথা পোহৰলৈ আহিব বুলি ওদালগুৰি জিলা আৰক্ষী অধীক্ষক ৰিপুল দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in