বিশুদ্ধ গাখীৰ উৎপাদনৰ লক্ষ্যৰে বিটিচিৰ পশুপালন বিভাগৰ দুগ্ধ সামগ্ৰী বিতৰণ

বিশুদ্ধ গাখীৰ উৎপাদনৰ লক্ষ্যৰে বিটিচিৰ পশুপালন বিভাগৰ দুগ্ধ সামগ্ৰী বিতৰণ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিচিৰ পশুপালন বিভাগৰ ডেইৰী উন্নয়নৰ এছঅপিডি(SOPD) আচঁনিৰ অধীনত বিটিচিৰ চাৰিখন জিলাত বিশুদ্ধ গাখীৰ উৎপাদনৰ লক্ষ্যৰে মুঠ ৮৬ গৰাকী হিতাধিকাৰীক দুগ্ধ সামগ্ৰী বিতৰণৰ বাবে বাছনি কৰিছে৷

এই উপলক্ষে কোকৰাঝাৰ চহৰৰ তিতাগুৰিস্থিত বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে প্ৰথম পৰ্যায়ত চিৰাং জিলাত মুঠ ৫১ গৰাকী হিতাধিকাৰীক দুগ্ধ উৎপাদনৰ সামগ্ৰী বিতৰণ কৰে৷

বিতৰণী সমাৰোহত বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলৰ মাজত দুগ্ধ সামগ্ৰীসমূহ বিতৰণ কৰি গাখীৰ উৎপাদনকাৰী সকলক জনতাৰ সু-স্বাস্থ্যৰ বাবে বিশুদ্ধ গাখীৰ যোগান ধৰাৰ বাবে আহবান জনায়৷

তেওঁ লগতে বিটিচিৰ পশুপালন বিভাগৰ ডায়েৰী উন্নয়নৰ এছঅপিডি আচঁনিৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ইতিমধ্যে চাৰিখন জিলাতে ৮৬ গৰাকী দুগ্ধ হিতাধিকাৰীক এই আচঁনিত সামৰি লোৱা বুলি সদৰী কৰে৷ এইক্ষেত্ৰত বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে বিটিচিত সম্প্ৰতি ডেইৰী ফাৰ্মেৰে বহু নিৱনুৱা যুৱক-যুৱতীসকলে আত্মসংস্থাপন হোৱাৰ লগতে বিটিচিত দুগ্ধ উৎপাদন অধিক বৃদ্ধি হোৱা বুলিও দাবী কৰে৷

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত চিৰাং জিলাৰ ৫১ গৰাকী দুগ্ধ উৎপাদনকাৰীক গাখীৰ যোগান ধৰাৰ বাবে ২০ লিটাৰ আৰু ৪০ লিটাৰৰ দুটাকৈ ড্ৰাম, গাখীৰৰ পৰা ক্ৰীম বনোৱা মেচিন, হিতাধিকাৰীৰ সুবিধাৰ্থে ৰেইন কোৰ্ট, গাম বুট আৰু হেণ্ড গ্লোভ বিতৰণ কৰে৷

আজিৰ অনুষ্ঠানত বিটিচিৰ ডেইৰী উন্নয়ন বিষয়া জয়নাল হকেও হিতাধিকাৰীসকলক প্ৰথম পৰ্যায়ত চিৰাং জিলাত প্ৰাধান্য দিয়াৰ উপৰি দুৰ্গোৎসৱৰ পিছত দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ, বাক্সা আৰু ওদালগুৰিতো বিতৰণ কৰা হ'ব বুলি সদৰী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in