বি টি এ ডি নাথ যোগী সন্মিলনীৰ বিশেষ কাৰ্যনিৰ্বাহক বৈঠকৰ আহ্বান…

বি টি এ ডি নাথ যোগী সন্মিলনীৰ বিশেষ কাৰ্যনিৰ্বাহক বৈঠকৰ আহ্বান…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডিৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশ , বিটিআৰ চুক্তি , সাংগঠনিক সক্ৰিয়তা আদিকে ধৰি আন কেবাটাও বিষয়ক লৈ বিটিএডি নাথ যোগী সন্মিলনীয়ে অহা ১ মাৰ্চত কোকৰাঝাৰ প্ৰেছ ক্লাৱত দিনৰ ১১ :০০ বজাত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিছে ।

বুধবাৰে সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশানন্দ নাথ আৰু সম্পাদক ধনঞ্জয় নাথে উক্ত কথা সদৰি কৰি অহা ১ মাৰ্চ ৰবিবাৰে অনুষ্ঠিত হবলীয়া কাৰ্যনিৰ্বাহক সভাত বিটিএডি নাথ যোগী সন্মিলনীৰ সকলো বিষয়ববীয়াক , বিটিএডিৰ চাৰিওখন জিলাৰ সভাপতি আৰু সম্পাদক, নাথ যোগী মহিলা পৰিষদৰ সভানেত্ৰী , সম্পাদিকাক , নাথ যোগী সাহিত্য আৰু জাতীয় পৰিষদৰ সভাপতি আৰু সম্পাদকক উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকিবলৈ আহ্বান জনাইছে ।

ইপিনে অহা ২১ আৰু ২২ মাৰ্চত কোকৰাঝাৰৰ গেন্দ্ৰাবিলত অনুষ্ঠিত হবলগীয়া সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাৰ অভ্যৰ্থনা কমিটি আজি গঠন কৰা হয় । গেন্দ্ৰাবিল প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ জৰিয়তে মণ্টু নাথক সভাপতি আৰু লংকেশ্বৰ নাথক সম্পাদক হিচাপে লৈ ৩৫ জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in