যোগী আদিত্যনাথ চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈ জাৰি কৰিছে ১৪৪ ধাৰাঃ মায়াৱতী

যোগী আদিত্যনাথ চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈ জাৰি কৰিছে ১৪৪ ধাৰাঃ মায়াৱতী

ডিজিটেল ডেস্কঃ ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত সংঘটিত নৰসংহাৰ ঘটনাই উত্তপ্ত কৰি তুলিছে সমগ্ৰ দেশ। শুকুৰবাৰে সোনভদ্ৰাত গুলীবৰ্ষণত নিহত সকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে মিৰ্জাপুৰ জিলা প্ৰশাসনে আটক কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। ইফালে শনিবাৰে সোনভদ্ৰা কাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিএছপিৰ অধ্যক্ষা মায়াৱতীয়েও। মায়াৱতীয়ে এই ঘটনাৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰে নিজৰ বিফলতা ঢাকিবলৈকে ১৪৪ ধাৰা জাৰি কৰি পীড়িতৰ পৰিয়ালক সাক্ষাৎ কৰাত বাধা প্ৰদান কৰিছে বুলি অভিযোগ কৰে।

বিএছপিৰ নেত্ৰীগৰাকীয়ে এক টুইটযোগে অভিযোগ উত্থাপন কৰি লিখিছে, 'যোগী চৰকাৰে ধন-জন আৰু জনহিতাৰ্থ কাৰ্যত নিজৰ বিফলতা ঢাকিবলৈ ধাৰা ১৪৪ জাৰি কৰিছে। কিন্তু তাৰ পিছতো নিৰ্দিষ্ট সময়ত পীড়িত সকলৰ কাষত উপস্থিত হৈ যথাসম্ভৱ সহায় আগবঢ়াবলৈ বিএছপি বিধানমণ্ডলক নিৰ্দেশ দিছো।' আনহাতে চৰকাৰৰ বিফলতাই সোনভদ্ৰা নৰসংহাৰ ঘটনাৰ মুখ্য কাৰণ বুলিও অভিহিত কৰে মায়াৱতীয়ে।

ইফালে, শনিবাৰে ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত গুলীবৰ্ষণত নিহত সকলৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ পশ্চিম বংগৰ নেতা দেৰেক অ'ব্ৰেইনৰ নেতৃত্বত যোৱা এটা ৪ জনীয়া তৃণমূল কংগ্ৰেছৰ সঁজাতি দলকো বাৰনসী বিমান বন্দৰতে আবদ্ধ কৰি ৰাখে উত্তৰ প্ৰদেশ প্ৰশাসনে। সোনভদ্ৰাত ১৪৪ ধাৰা জাৰি কৰাৰ দোহাই দি এনে পৰিস্থিতিত পীড়িত সকলক কোনোৱে সাক্ষাৎ কৰিব নোৱাৰে বুলি ঘোষণা কৰিছে ৰাজ্য প্ৰশাসনে।

অন্যহাতে প্ৰশাসনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা তথা কৰ্মীৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে। যি কোনো পৰিস্থিতিৰ সৈতে মোকামিলা কৰি হ'লেও তেওঁ পীড়িত সকলক সাক্ষাৎ কৰিবই বুলি মন্তব্য কৰাৰ লগতে সাক্ষাৎ কৰিব নোৱাৰালৈকে উত্তৰ প্ৰদেশৰ পৰা উভতি নাহে বুলিও সাংবাদিকক জানিবলৈ দিয়ে। ইয়াৰ পিছতে শনিবাৰে সোনভদ্ৰা কাণ্ডৰ ২ পীড়িতৰ পৰিয়ালে মিৰ্জাপুৰৰ চুনাৰ গেষ্ট হাউচত কংগ্ৰেছ নেত্ৰীগৰাকীক সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in