শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি…

228

ডিজিটেল ডেস্কঃ দেশৰ প্ৰতিটো প্ৰান্তত সংযোগ কৰা হ’ব ফাইবাৰ ইন্টাৰনেট কানেকশ্যন। বিএছএনএলে BookMyFiber নামৰ পৰ্টেল এটা মুকলি কৰিছে। বিএছএনএলে এই সেৱা দেশৰ সকলো টেলিকম ছাৰ্কিলৰ আগত দাঙি ধৰিছে। ইয়াৰ দ্বাৰা ফাইবাৰ ইন্টাৰনেট দেশৰ ভিতৰুৱা এলেকাসমূহৰ সৰ্বসাধাৰণ ৰাইজেও লাভ কৰিব।

‘BookMyFiber’ পৰ্টেলটোত এই সেৱা উপভোগ কৰিব পৰা সকলে নিজৰ নাম-ঠিকনা আদি দাখিল কৰি নিজৰ প্ৰয়োজন হিচাপত প্লান ক্ৰয় কৰিব পাৰিব। এই পৰ্টেলত আটাইতকৈ বেছি দামী প্লানটো হৈছে ১৬,৯৯৯টকাৰ। এই প্লান ক্ৰয় কৰা জনে ১০০ এমবি প্ৰতি ছেকেণ্ড হিচাপত প্ৰতিদিনাই ১৭০ জিপিকৈ ইন্টাৰনেট লাভ কৰিব। আৰু ডাটা শেষ হোৱাৰ পাছত ১০ এমবিপিএছ হিচাপত লাভ কৰিব ইন্টাৰনেট সেৱা।

বিনামূলীয়াকৈ লাভ কৰিব ১০ এমবিপিএছ স্পীডত ইন্টাৰনেটঃ

[email protected] বিবি প্লান অনুসৰি, ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ ১০ এমবি প্ৰতি ছেকেণ্ডত প্ৰতিদিনাই ৫ জিবিকৈ ইন্টাৰনেট কৰিব লাভ। আৰু এই ৫ জিবি ডাটা শেষ হোৱাৰ পাছত ১ এমবিপিএছ হিচাপত লাভ কৰিব ইন্টাৰনেট সেৱা।

কেনেকৈ কৰিব আৱেদনঃ

পোনপ্ৰথমে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট  http://bookmyfiber.bsnl.co.in লৈ যাওঁক। তাৰপাছত আপোনাৰ লেপটপ বা ম’বাইলত দেখা পাব এখন স্ক্ৰীণ। তাত আপুনি আপোনাৰ ল’কেশ্যন, পিন ক’ড, নাম, ম’বাইল নম্বৰ, মেইল আৰু আইডি ভৰ্তি কৰিব লাগিব।

এইখিনি কাম কৰা হোৱাৰ পাছত আৱেদনকাৰীয়ে লাভ কৰিব এটা অটিপি (OTP)। অটিপি দিয়াৰ পাছতে প্লানসমূহৰ বিষয়ে ভালকৈ জানিব পৰা যাব। তাৰপাছত নিজৰ প্ৰয়োজন অনুসৰি, ভাল লগা প্লানটোত ক্লিক কৰাৰ লগতে ল’কেশ্যনত ক্লিক কৰিব লাগিব। আৰু অৱশেষত ছাবমিট (SUBMIT) অপশ্যনটো টিপিব লাগিব। আপুনি ছাবমিট কৰাৰ পাছতে কোম্পানীৰ তৰফৰ পৰা কৰা হ’ব আপোনাৰ সৈতে যোগাযোগ আৰু আপুনি লাভ কৰিব এই সেৱা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি