4Gৰ বিপৰতীতে অসম-অৰুণাচলত বিএছএনএলৰ 2G সেৱা, উচ্চতম ন্যায়ালয়ত পিআইএল

349

ডিজিটেল সংবাদ, দিল্লীঃ বিএছএনএল বিৰু্দ্ধে উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত এখন আবেদন দাখিল কৰিছে ‘টেলিকম ৱাছড’গ’ নামৰ এটা বেচৰকাৰী সন্থাই।যিসময়ত টেলিকম কোম্পানীবোৰে গ্ৰাহকক 4G টেকন’লজী সেৱা আগবঢ়াইছে, সেই সময়ত অসম আৰু অৰুণাচলৰ একাংশ গ্ৰাহকক 2G টেকন’লজীৰে সেৱা আগবঢ়াই প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে এন জি অ’টোৱে।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদন খনত এন জি অ’টোৱে অভিযোগ কৰিছে- Dot আৰু বিএছএনএলৰ মাজত সংঘটিত এক চুক্তি অনুসৰি আওপুৰণি টেকন’লজী ক্ৰয়ৰ বাবদত ২২৫৮ কোটি টকাৰ এক চুক্তি হৈছে। দুটা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ সৈতে হোৱা চুক্তি অনুসৰি বিএছএনএল আৰু কোম্পানী দুটা উপকৃত হৈছে যদিও অসম আৰু অৰুণাচলৰ বিএছএনএলৰ গ্ৰাহকসকলক ভুক্তভোগী হৈছে।

ইয়াৰ ফলত অসমৰ কাৰ্বি আংলং আৰু ডিমা-হাছাওত বিএছএনএলৰ মোবাইল গ্ৰাহকসকলে 4G সেৱাৰ বিপৰীতে 2G সেৱাৰ সুবিধা ল’বলৈ বাধ্য কৰোৱা হৈছে। ইয়াৰ বিৰুদ্ধে এই ৰাজহুৱা স্বাৰ্থজনীত আবেদন দাখিল কৰিছে এন জি অ’টোৱে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে অসম আৰু অৰুণাচলত 2G ইনষ্টলিং কৰা বিএছএনএল তথা ব্যক্তিগত টেলিকম কোম্পানী দুটাৰ উত্থাপিত অভিযোগ গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু কেন্দ্ৰলৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি