শেহতীয়া খবৰ
প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক'লা প্ৰদৰ্শন...  •  নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত, এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত...  •  চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য...  •  ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’...  •  এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’...  •  বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন...

ৰাজ্য চৰকাৰক অন্ধবিশ্বাস ৰোধ কৰাত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী ব্ৰাদাৰ্ছৰ

96

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাম্প্ৰতিক সময়ত ৰাজ্যত ভয়ংকৰ ৰূপত দেখা দিছে অন্ধবিশ্বাসে।চৰকাৰে অন্ধবিশ্বাস ৰোধ কৰাত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ‘ব্ৰাদাৰ্ছ’ নামৰ ৰাষ্ট্ৰীয় সংগঠনটোৱে এক সংবাদ মেল আয়োজন কৰে। ওদালগুৰিৰ কলাইগাঁৱৰ ঘটনাই ৰাজ্যখনৰ সমাজক লজ্জানত কৰা বুলি সংবাদমেলত মন্তব্য কৰে সংগঠনটোৰ কৰ্মী তথা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই।

শিক্ষাৰ উচ্চ শিক্ষাধাৰী লোকৰ সমাজৰ প্ৰতি দায়বদ্ধতাৰ উচিত মূল্য নহলে অনাগত সময়ত সমগ্ৰ দেশকে অন্ধবিশ্বাসে চানি ধৰিব বুলি তেখেতে সংবাদমেলত প্ৰকাশ কৰে। তদুপৰি মহানগৰীৰ সোণাইঘুলিৰ ৰবীন ৰাজবংশী নামৰ এজন ভণ্ড বাবাই নিজৰ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা চুবুৰীয়াকো ভাবুকি দি অহাৰ কথা উল্লেখ কৰে সমাজকৰ্মী শইকীয়াই। ইফালে এইধৰণৰ অন্ধবিশ্বাস, ভণ্ড বাবা আদি সমাজৰ পৰা ৰোধ কৰাত ৰাজ্য চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় সংগনটোৱে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি