প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণ কৰিব ব্ৰিটেইনৰ ৰয়েল দম্পত্তিয়ে, জানক কাৰণ…

প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণ কৰিব ব্ৰিটেইনৰ ৰয়েল দম্পত্তিয়ে, জানক কাৰণ…

ডিজিটেল ডেস্কঃ প্ৰথমবাৰলৈ পাকিস্তান ভ্ৰমণ কৰিব ব্ৰিটেইনৰ ৰয়েল দম্পত্তি ৰাজকুমাৰ উইলিয়াম আৰু কেট মিডিলটনে। চলিত মাহৰ মধ্যভাগত পাকিস্তান ভ্ৰমণ কৰি তেওঁলোকে পাকিস্তানৰ জলবায়ু পৰিবৰ্তন আৰু স্থানীয় লোকৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত পৰ্যবেক্ষণ কৰিব। শুকুৰবাৰে এই কথা সদৰী কৰে বৃটিছ দূতাবাসে।

বৃটিছ দূতাবাসে সদৰী কৰা মতে, বিদেশ আৰু ৰাষ্ট্ৰীয় জলবায়ু সুৰক্ষা সংস্থাৰ অনুৰোধমৰ্মে অহা ১৪ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ পাকিস্তান ভ্ৰমণ কৰি জলবায়ু পৰিবৰ্তন আৰু তাৰ প্ৰভাৱ সম্পৰ্কে বুজ ল'ব। এই ভ্ৰমণকালত ৰাজ দম্পত্তিহালে পাকিস্তানৰ কেইবাগৰাকীও শীৰ্ষ নেতাক সাক্ষাৎ কৰিব বুলি এক বিবৃতিযোগে জানিবলৈ দিছে বৃটিছ দূতাবাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in