২২ বছৰীয়া সুন্দৰীৰে বিয়া পাতি দুদিনতে এই অৱস্থা সুৰেশৰ…

২২ বছৰীয়া সুন্দৰীৰে বিয়া পাতি দুদিনতে এই অৱস্থা সুৰেশৰ…

ডিজিটেল ডেস্কঃ বিয়াৰ ক্ষেত্ৰত সকলো সিন্ধান্ত খৰখেদাকৈ ল'ব নালাগে। বিশেষকৈ নতুন চিনাকি কাৰোবাৰ সৈতে বিয়াৰ কথা ভবাৰ পূৰ্বে আপুনি এশবাৰ ভাৱক।

ছিমলাত যোৱা ছেপ্তেম্বৰ মাহত এখন বিয়াই জ্বলাকলা খুৱালে এটা পৰিয়ালক। ছিমলাৰ বলডাঢ়াৰ সমৌলা গাঁৱৰ সুৰেশ কুমাৰ(৩৭)ৰ বিয়া ঠিক হৈছিল ৱালীচৌকীৰ ২২ বছৰীয়া এগৰাকী সুন্দৰীৰ সৈতে।

সকলো ঠিক ঠাক হোৱাৰ পাছত বিয়া হৈ গ'ল। কিন্তু দুদিনৰ পাছতে পলাল কইনা। খবৰ অনুসৰি প্ৰথমা পত্নীয়ে এৰি যোৱাৰ পিছত সুৰেশৰ এয়া আছিল দ্বিতীয় বিবাহ।

সুৰেশৰ দ্বিতীয় বিবাহৰ বাবে উপযুক্ত পাত্ৰী বিচাৰি থকা সময়তে এজন ব্যক্তিয়ে দিছিল এগৰাকী ছোৱালীৰ যোগাযোগ নম্বাৰ। এনেকৈয়ে খুব কম সময়ৰ ভিতৰতে হৈছিল সুৰেশে দ্বিতীয় বিবাহ। কইনা পলাই যোৱাৰ পাছতে আৰক্ষীক এজাহাৰ দিয়াৰ পাছতহে ওলাল উৰহীৰ ওৰ।

আচলতে সুৰেশৰ সৈতে বিয়াত বহাৰ কোনো মন নাছিল যুৱতীগৰাকীৰ। দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতেহে বিয়াৰ পৰিকল্পনা কৰিছিল যুৱতীগৰাকীয়ে। কিন্তু পৰিয়ালে তাত অনুমতি নিদিয়াত সমস্যাত পৰে।

প্ৰেমিকজনৰ হাততো ধন নথকাত বিয়াৰ জৰিয়তে উপাৰ্জনৰ বুধি পাঙে চতুৰ যুৱতীগৰাকীয়ে। এই অনুযায়ী বিয়াত বহিবৰ বাবে যুৱতীগৰাকীয়ে সুৰেশৰ ভগ্নীৰ পৰা দুটা কিস্তিত আদায় লয় ৫০ হাজাৰ টকা। সেই ৫০ হাজাৰ টকাৰে আধাৰ কাৰ্ড উলিয়াই প্ৰেমিকৰ সৈতে বিয়াত বহাৰ পৰিকল্পনা কৰিছিল কইনাই।

কিয়নো প্ৰেমিকৰ সৈতে স্থানীয় আদালতত বিয়াৰ বাবে গৈছিল যদিও আধাৰ কাৰ্ড নোহোৱাৰ বাবে আদালতে সেয়া সম্ভৱ নহ'ব বুলি ঘূৰাই পঠিয়াইছিল।

সমগ্ৰ ঘটনা তদন্ত কৰি পোহৰলৈ আনে ৱলডাঢ়া থানাৰ আৰক্ষী অধীক্ষক লাল সিঙে। দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰাৰ পাছতে বিয়াখন এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। বহুতে কৈছে 'খৰখেদাকৈ বিয়া কৰোৱাৰ পৰিণাম ভোগ কৰিছে সুৰেশে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in