ভ্ৰষ্টাচাৰ বিৰোধী চৰকাৰৰ দিনত ১০ শতাংশ বৃ্দ্ধি পালে উৎকোচৰ লেনদেন

ভ্ৰষ্টাচাৰ বিৰোধী চৰকাৰৰ দিনত ১০ শতাংশ বৃ্দ্ধি পালে উৎকোচৰ লেনদেন

ডিজিটেল ডেস্কঃ চৰকাৰে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি যিমানেই কথাৰ ফুলজাৰি নুফুটালেও প্ৰকৃততে ভ্ৰষ্টাচাৰিতা পূৰ্বৰ তুলনাত যে বৃদ্ধিহে হৈছে সেয়া এক সমীক্ষাৰ দ্বাৰা শেহতীয়াকৈ পোহৰলৈ আহিছে।

ট্ৰান্সপৰেন্সী ইন্টাৰনেচনেল ইণ্ডিয়া নামৰ এটা সংস্থাই চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত প্ৰায় ১০ শতাংশ লোকে অধিক উৎকোচ দিবলৈ বাধ্য হৈছে।

উল্লেখ্য যে, যোৱা বৰ্ষত ৪৫ শতাংশ লোকে উৎকোচ প্ৰদান কৰাৰ বিপৰীতে এই বৰ্ষত ৫৬ শতাংশ লোকে বিভিন্ন কাৰণত উৎকোচ দিবলৈ বাধ্য হৈছে। সংস্থাটোৱে চলোৱা সমীক্ষাত দেশৰ মুঠ ১ লাখ ৬০ হাজাৰ লোকে অংশ লৈছিল।

সমীক্ষা অনুযায়ী দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫৮ শতাংশ লোকে তেওঁলোকৰ চহৰত দুৰ্নীতি বিৰোধী হেল্পলাইনৰ উপলব্ধতাৰ কথা অস্বীকাৰ কৰাৰ লগতে ৩৩ শতাংশ লোকে এই বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰে।

আনফালে, উৎকোচ দিয়াৰ সন্দৰ্ভত চলোৱা এক পৰ্যবেক্ষণত জানিব পৰা যায় যে ৩৯ শতাংশ লোকে নগদ ভাৱে, ২৫ শতাংশ লোকে এজেন্টৰ দ্বাৰা আৰু ১ শতাংশ লোকে অন্য ধৰণে বিভিন্ন কাৰণত উৎকোচ দি আহিছে। আনহাতে আৰক্ষী, বিদ্যুৎ বিভাগ, পৰিবহণ বিভাগ আৰু আয়কৰ বিভাগতে অধিক উৎকোচ প্ৰদান কৰা হয় বুলিও সমীক্ষাত প্ৰকাশ পাইছে।

সংস্থাটোৱে প্ৰকাশ কৰা সমীক্ষাত এয়া প্ৰমাণ হৈছে যে চৰকাৰে যিমানেই ভ্ৰষ্টাচাৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলেও দেশৰ অধিকসংখ্যক চৰকাৰী কাৰ্যালয়তে উৎকোচ অবিহনে কাম নহয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in