শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

শাস্তিযোগ্য অপৰাধ হোৱাৰ দিশে তিনি তালাক, অধ্যাদেশত অনুমোদন কেবিনেটৰ

210

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা তিনিবাৰ তালাক উচ্চাৰণ কৰিলে যাবলগীয়া হ’ব পাৰে জেললৈ। একাধিক বিতৰ্কৰ মাজতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বুধবাৰে কেন্দ্ৰীয় কেবিনেটে তিনি তালাক বিধেয়কৰ অধ্যেদেশত অনুমোদন জনায়।

মুছলমান মহিলাকসকলক সুৰক্ষা দিবৰ বাবে মোডী চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক লৈ দেশজুৰি বিগত সময়ছোৱাত সৃষ্টি হৈ আহিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, যোৱা ডিচেম্বৰতে লোকসভাত গৃহীত হৈছিল এই বিধেয়কখন। কিন্তু ৰাজ্যসভাত বিধেয়কখন গৃহীত নোহোৱাত আইনৰ ৰূপ লোৱাতো সম্ভৱ হৈ উঠা নাছিল।

বুধবাৰে কেবিনেটে অধ্যেদেশত অনুমোদন জনালেও উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ অনুযায়ী সম্পূৰ্ণৰূপে আইনৰ মৰ্যাদা পাবলৈ হ’লে পুনৰ সংসদত উত্থাপন কৰিব লাগিব এই বিধেয়কখন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি