ৰাজকন্যা কাণ্ডঃ দুই ভৰি হেৰুওৱা শ্ৰমিক মাৰাকৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব ল’ব চৰকাৰে…

ৰাজকন্যা কাণ্ডঃ দুই ভৰি হেৰুওৱা শ্ৰমিক মাৰাকৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব ল’ব চৰকাৰে…
  • ৰুক্মীণিগাঁৱত সংঘটিত দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুওৱা যোছেফ মাৰাকৰ কৃত্ৰিম ভৰি সংযোজনৰ দায়িত্ব লৈছে ৰাজ্য চৰকাৰে।
  • বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ দ্ৰুত গাড়ীৰ আঘাটত দুই ভৰি হেৰুৱাইছিল মাৰাকে।
  • বৰ্তমান জি এম চি এইছত চিকিৎসাধীন হৈ আছে শ্ৰমিকগৰাকী।
  • ৰেইনড্ৰপ ইনিছিয়েটিভ নামৰ এটা সংস্থায়ো লৈছিল উদ্যোগ।
  • ৰেইন ড্ৰপৰ আবিদ আজাদে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰাত তেওঁলোক অতিকৈ সন্তুষ্ট।
  • মাৰাকৰ বাবে যিসকল লোকে সাহায্য আগবঢ়াইছিল সেইয়া তেওঁলোকে মাৰাকৰ বৰপুত্ৰৰ হাতত দিয়াৰ সিদ্ধান্ত লৈছে।
  • কোনো লোকে মাৰাকৰ কৃত্ৰিম ভৰি সংযোজনৰ বাবে এতিয়া সহায়ৰ হাত আগ নবঢ়ালেও হ'ব বুলি উল্লেখ কৰিছে ৰেইন ড্ৰপে।
  • অৱশ্যে তেওঁলোকে মাৰাকৰ পুনৰসংস্থাপনৰ বাবে সকলো কৰাৰ আশ্বাস দিছে।
  • চিকিৎসালয়ত থকা আহত মাৰকক সকলোখিনি সহায় আগবঢ়ায় আহিছে ৰেইন ড্ৰপে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in