‘গৰীৱ বন্ধু’ বিৰাজৰ ভগ্নীক হত্যা কৰাৰ সন্দেহত দুজনক আটক

‘গৰীৱ বন্ধু’ বিৰাজৰ ভগ্নীক হত্যা কৰাৰ সন্দেহত দুজনক আটক
  • বিতুমণি হাজৰিকা হত্যা সন্দৰ্ভত দুজনক আটক।
  • আৰক্ষীয়ে আটক কৰিছে স্বামী কিৰিতি বৰুৱাৰ ভাতৃ কুশল বৰুৱাক।
  • আটক কৰা আনজন হ'ল কিৰিতি বৰুৱাৰ পিতৃ দ্যুতিৰাম বৰুৱা।
  • দুয়োজনকে আটক কৰিছে মঙলদৈ আৰক্ষীয়ে।
  • আৰক্ষীয়ে ৰুজু কৰা গোচৰটোৰ নম্বৰ ১০৮৪/১৮।
  • বিতুমণিৰ পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ।
  • আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (বি), ৪৩৬/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে।
  • দুমাহৰ আগতে কিৰিতি বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বিতু।
  • অৱশ্যে স্বামী কিৰিতি বৰুৱাক এতিয়ালৈকে আটক কৰা নাই আৰক্ষীয়ে।
  • ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অঞ্চলজুৰি।
  • স্বামী কিৰিতি বৰুৱা অসম অাৰক্ষীৰ জোৱান।
  • ২০ হাজাৰ টকাৰ লগতে যৌতুক দাবী কৰিছিল স্বামীৰ পৰিয়ালে।
  • মৃত বিতুমণিয়ে ফোনযোগে দেউতাকক জনাইছিল এই কথা।
  • স্বামী কিৰিতিৰ এগৰাকী সম্বন্ধীয় মহিলাৰ লগত সম্পৰ্ক থকাৰো অভিযোগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in