দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলিচালনাত ৰক্তাক্ত ব্ৰাজিলৰ প্ৰাইমাৰী স্কুল, ৯ জনৰ মৃত্যু

দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলিচালনাত ৰক্তাক্ত ব্ৰাজিলৰ প্ৰাইমাৰী স্কুল, ৯ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণত ৰক্তাক্ত হ'ল ব্ৰাজিলৰ চাও পাওলোৰ এখন প্ৰাইমাৰী স্কুল। এই ঘটনাত এই পৰ্যন্ত ৯ জনৰ মৃত্যু ঘটিছে। দুৰ্বৃত্তৰ গুলিচালনাত আহত হৈছে ১৭ জনতকৈও অধিক লোক। ইফালে আক্ৰমণ সংঘটিত কৰিয়েই দুই দুৰ্বৃত্তই আত্মহত্যা কৰা কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বুধবাৰে পুৱা চাও পাওলোৰ সুজানিউ অঞ্চলত থকা প্ৰফেচাৰ ৰাউল ব্ৰাছিল প্ৰাইমাৰী স্কুলত দুজন বন্দুকধাৰী যুৱকে প্ৰৱেশ কৰে। কাপোৰেৰে মুখমণ্ডল ঢাকি ৰখা যুৱক দুজনে বিদ্যালয়ত প্ৰৱেশ কৰিয়েই নিৰ্বিচাৰে গুলিচালনা কৰে। ফলত সেই সময়ত বিদ্যালয়ৰ শ্ৰেণীকোঠাত উপস্থিত থকা এজন বিদ্যালয় পৰিদৰ্শক আৰু ৫ জন শিক্ষাৰ্থী গুলিবিদ্ধ হৈ মাটিত ঢলি পৰে।

ইয়াৰ পিছতে দুৰ্বৃত্ত দুজনে অইন অইন শ্ৰেণীকোঠাত প্ৰৱেশ কৰি গুলিচালনা কৰাত ২২ জনতকৈও অধিক শিক্ষক আৰু শিক্ষাৰ্থী আহত হয়। এই ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰা এগৰাকী ছাত্ৰই জনোৱা অনুসৰি এনেদৰে নিৰ্বিচাৰ গুলিচালনাৰ পিছতে দুৰ্বৃত্ত দুজনে নিজৰ মূৰত গুলিয়াই আত্মহত্যা কৰে।

চাও পাওলোপ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, আত্মহত্যা কৰা দুৰ্বৃত্ত দুজনৰ পৰা বহু পৰিমাণৰ মৰাণাস্ত্ৰ আৰু এটা তাঁৰেৰে বন্ধা চুটকেছ উদ্ধাৰ কৰা হৈছে। দুৰ্বৃত্ত দুজনৰ বয়স প্ৰায় ১৮ বছৰ হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in