শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

কোভিড-১৯ক ‘little flu’ আখ্যা দিয়া ৰাষ্ট্ৰপতি এতিয়া নিজে আক্ৰান্ত কোৰোনাত…

624

ডিজিটেল ডেস্কঃ আমেৰিকাৰ পিছতে কোৰোনাত সৰ্বাধিক ক্ষতিগ্ৰস্থ হোৱা দেশ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলচনাৰ’ আক্ৰান্ত হৈছে কোৰোনাত। যোৱা মঙলবাৰে কোৰোনাৰ চতুৰ্থটো পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহে পজিটিভ।

উল্লেখ্য, যে বিগত দিনকেইটাত বহুলোকৰ সংস্পৰ্শলৈ আহিছিল ৰাষ্ট্ৰপতিগৰাকী। এতিয়া সেইসকলোবোৰ লোকৰ পৰিচয় গোটোৱাত ব্যস্ত ব্ৰাজিল প্ৰশাসন। কোৰোনা টেষ্ট পজিটিভ অহাৰ পাছত বলচনাৰ’য়ে কয়, মই ঠিকে আছো। মোক ডাক্টৰে হস্পাতালত থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বাবে এইকেইদিন ইয়াতে থাকিম।

ইফালে বলচনাৰ’ৰ কোৰোনা পজিটিভ বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে আন এটা কথাক লৈ বিশেষ চৰ্চা হৈছে। ব্ৰাজিলত কোৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পূৰ্বে কোৰোনা ভাইৰাছক “little flu” আখ্যা দিছিল। এগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ এনে মন্তব্যক লৈ যথেষ্ট বিৰ্তকৰ সূত্ৰপাত হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি