গোলাঘাট উত্তৰ উন্নয়ন খণ্ড এলেকাৰ শক্তিশালী সংগঠন ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ ৭০ জনীয়া পূৰ্ণাংগ সমিতি গঠন…VIDEO

গোলাঘাট উত্তৰ উন্নয়ন খণ্ড এলেকাৰ শক্তিশালী সংগঠন ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ ৭০ জনীয়া পূৰ্ণাংগ সমিতি গঠন…VIDEO

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ উত্তৰ উন্নয়ন খণ্ড তথা খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ শক্তিশালী সংগঠন ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হৈছে। বিগত সময়চোৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক/আইন, ২০১৯ বিৰোধী আন্দোলনকে ধৰি অঞ্চলটোৰ বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰ ক্ষেত্রত সক্ৰিয়তাৰে কাম কৰি অহা সংগঠনটোৱে গঠন কৰিছে ৭০জনীয়া নতুন পূৰ্ণাংগ সমিতি।

অসম আন্দোলনৰ অগ্রণী নেতা দিগন্ত দত্তক সভাপতি, সক্ৰিয় সমাজ সচেতক পল্লৱ গোস্বামীক কাৰ্যকৰী সভাপতি, খুমটাই সমষ্টিৰ অন্যতম সক্ৰিয় যুৱ নেতা সমীৰ ভূষণ বৰাক সম্পাদক, দক্ষ সমাজ সংগঠক প্ৰশান্ত নেওগক মুখ্য সাংগঠনিক সম্পাদক হিচাপে লৈ গঠন কৰা শক্তিশালী সমিতিখনত আছে ৩ গৰাকী মুখ্য উপদেষ্টা, ৫ গৰাকী উপদেষ্টা, ৩ গৰাকী উপ-সভাপতি, ৫ গৰাকী সহকাৰী সম্পাদক, ৫ গৰাকী সাংগঠনিক সম্পাদক, ৫ গৰাকী প্ৰচাৰ সম্পাদক, ৫ গৰাকী মহিলা কোষৰ আহ্বায়ক, এগৰাকী কোষাধ্যক্ষ, এগৰাকী কাৰ্যালয় সম্পাদক আৰু ৩৩ গৰাকী কাৰ্যনিৰ্বাহক সদস্য।

মূলতঃ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, বৃহত্তৰ অঞ্চলটোৰ মাজেৰে এটা বাইপাছ পথ নিৰ্মাণ, বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলটোক কৃষি মহকুমা হিচাপে স্বীকৃতি দিয়া, ICU/ভেন্টিলেশ্যনৰ সুবিধা থকা ১০০খন বিচনাযুক্ত পূৰ্ণাংগ চিকিৎসালয় নিৰ্মাণ কৰা, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণ, অঞ্চলটোত উৎপাদিত কৃষিজাত সামগ্রীৰ বাবে নিলাম কেন্দ্র স্থাপন, শীতল গৃহ নিৰ্মাণ, পূৰ্ণাংগ ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ, পশু চিকিৎসালয় নিৰ্মাণকে ধৰি অঞ্চলটোৰ ১৭টা মৌলিক সমস্যাৰ ভিত্তিত ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ জন্ম হৈছে।

এই ক্ষেত্ৰত সংগঠনটোৱে ক্ৰীড়া, সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন কাম-কাজ ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থা নামৰ সংগঠনটোৰ সৈতে ভাতৃ সংগঠন হিচাপে কাম কৰিব। অন্যহাতে বিভিন্ন শৈক্ষিক তথা শিক্ষাৰ্থী সম্পর্কীয় বিষয়ত সংগঠনটোৱে সদৌ অসম ছাত্ৰ সন্থাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতি আৰু সদৌ মিচিং ছাত্ৰ সন্থাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ সৈতে ভাতৃ সংগঠন হিচাপে কাম কৰিব।

এই কেউটা সংগঠনৰ সভাপতি সম্পাদকসকল ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ পদেন সদস্য হিচাপে থকাৰ লগতে অঞ্চলটোৰ বিভিন্ন যুৱ সংঘসমূহৰ সভাপতি সম্পাদকসকলকো সংগঠনটোৰ পদেন সদস্য হিচাপে ৰখাৰ চিন্তা চৰ্চা চলি আছে। উল্লেখ্য যে, খুমটাই বিধানসভা সমষ্টিৰ নিৰ্বাচনত এই বৃহত্তৰ অঞ্চলটোৰ ভোটাৰে লয় প্ৰাৰ্থী জয় পৰাজয়ত নিৰ্ণায়ক ভূমিকা। যিহেতু কেইমাহমান পিছতেই আছে অসম বিধান সভা নিৰ্বাচন। সেই দৃষ্টিৰে ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ এই সাংগঠনিক তৎপৰতাই বহু তাৎপৰ্য বহন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in