শেহতীয়া খবৰ
একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  অশান্ত জম্মু-কাশ্মীৰ! পাক সেনাৰ গুলীত ছহীদ লেন্স নায়ক সন্দীপ থাপা...

সাৱধান মহানগৰবাসী! বৰলুইতৰ পানীত ডুবিব পাৰে গুৱাহাটী…

1,286

ডিজিটেল সংবাদ, গুৱাহাটীঃ সমগ্ৰ ৰাজ্যতে বানৰ ভয়াবহ ৰূপ, তাৰ মাজতে অশনি সংকেতৰ দিশে গুৱাহাটী মহানগৰী। যিকোনো মুহূৰ্ততে ব্ৰক্ষপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিব পাৰে মহানগৰীৰ বিভিন্ন এলেকা।

ব্ৰক্ষপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে মহানগৰীৰ সমীপত বিপদসীমাৰ পৰা ৭৯ ছেন্টিমিটাৰৰ পৰা ওপৰেদি বৈ আছে । জলসম্পদ বিভাগৰ তথ্য মতে, মহানগৰীত ব্ৰক্ষপুত্ৰৰ বিপদসীমা ৪৯,৬৮ মিটাৰ যদিও ৫২,৪৬ মিটাৰ অতিক্ৰম কৰাৰ দিশে আগবঢ়াত গুৱাহাটীত নদীখনৰ পানী সোমোৱাৰ সম্ভাৱনা দেখা দিছে।

তাৰ লগে লগে মহানগৰীৰ ফাচীঁ বজাৰ ৰাজপথৰ এটা অংশ ইতিমধ্যে বহি যোৱাত স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে। তদুপৰি মালিগাওঁ চক্ৰেশ্বৰ মন্দিৰৰ মূৰ্তিৰ অংশটো ব্ৰক্ষপুত্ৰৰ পানীত বুৰ যোৱাৰ দিশে।

তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে যানবাহনৰ চলাচলত কঠোৰ হৈ পৰাৰ লগতে দুচকীয়া বাহনৰ ক্ষেত্ৰত সাৱধানতা কৰিছে। আনহাতে ব্ৰক্ষপুত্ৰৰ এই বাঢ়নী পানী প্ৰৱেশ কৰি মাছখোৱা, ফাঁচী বজাৰ, ভৰলুমুখ, শান্তিপুৰ তথা মালিগাওঁ আদি ডুব যোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি