দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত

দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত

ডিজিটেল সংবাদ, গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ ব্ৰহ্মপুত্ৰ, কলহী, জলজলী নৈৰ জলপৃষ্ঠ কমিছে যদিও অঞ্চলসমূহৰ অধিকাংশ দুৰ্গতই এতিয়াও ই এণ্ড ডি মথাউৰি, ওখ-ভেটিত গৰু-ছাগলীৰ সৈতে সহাৱস্থান কৰি আছে৷ অৱশ্যে কিছুসংখ্যক বন্যাৰ্তই ঘৰখনলৈ উভতিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে পলাশবাৰী সমষ্টিৰ ১, ২নং কালাপানী, বৰদিয়া, বৰদিয়া চাপৰি, বৰদিয়া গাঁও, ভূৰাকাটাপাম, হেংৰাট্টাৰী, চৰাইমাৰী, ডাইৰট্টাৰী, কাজলট্টাৰী, বিটুৰট্টাৰী, ভেৰভেৰী চৰ, ছয়গাঁও বিধানসভা সমষ্টিৰ বাতাহিদিয়া আৰু আচলপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত কালাৰদিয়াটুপ, কালাৰদিয়া, মাগুৱা, মাগুৱাবিল পথাৰ, ডেউৰীডুৱা, সৰলপাৰা, ২নং সৰলপাৰা, বাতাহিদিয়া, উজান দুৰামাৰী, দুৰামাৰী, নলজুহি, বালাগাঁও, নয়াপাৰা, ভোগেৰদিয়া, জাহিৰপুৰ, বৰভিটা, বাঘমাৰা, টপাৰপথাৰ, কমলাপুৰ, অগ্ৰদূত ছাত্ৰ সন্থা, পুৰাণকুঁছিয়া, আচলপাৰা, বৰাখাট, খলিহামাৰী, বকোৰ সোণতলী, মাহতলী, পানীখাইতী, বৰদিয়া-নয়াপাৰা, জ্যোতিয়াৰদিয়া, পল্লীমংগল, সৰু আৰিকাটি, বৰ আৰিকাটি, বৰঘোল, গৰুৰ চৰ, কুঁছিয়াৰদিয়া পথাৰ, চুতাৰুপাৰা, লটৰীয়াদিয়া, ৰৌমাৰী, গৰৈমাৰী চৰ, গৰৈমাৰী বিলৰজান, সোণতলী সত্ৰ, ১, ২নং ৰাংগাপানী আদি অঞ্চলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত একাংশ বন্যাৰ্তই ওখ-ভেটি, আশ্ৰয় শিবিৰ এৰি নিজগৃহলৈ উভতিছে৷

আন একাংশৰ ঘৰ-দুৱাৰৰ পানী তললৈ নামিছে (শুকাইছে) যদিও অধিক ক্ষতিগ্ৰস্ত তথা বাসস্থান ব্যৱহাৰৰ অনুপযোগীৰ বাবে আশ্ৰয় শিবিৰত গৰু-ছাগলীৰ সৈতে সহাৱস্থান কৰি আছে৷ কিছুসংখ্যক পৰিয়ালৰ ঘৰ-দুৱাৰ এতিয়াও জলমগ্ন হৈ থকাত এওঁলোক আশ্ৰয় শিবিৰ নতুবা আলিকাষ-টপাৰপথাৰ-সোণতলী-নগৰবেৰা ই এণ্ড ডি মথাউৰিত থিতাপি লৈছে৷ আনহাতে ছয়গাঁৱৰ লাৰুৱাজান, হাতীশলাপাম, হাতীশলা গাঁও, কৰাইবিল, কৰাইবিল পথাৰ, ভলুকাবাৰী, বকোৰ বগুৰিগুৰী, চতুৰ্ভুজ, মালিবাৰী পথাৰ, বটিয়ামাৰী, ডেকাচাং, জাওকাটা, জাওকাটাদিয়া তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ অধিকাংশৰ ঘৰ-দুৱাৰৰ পানী শুকাইছে যদিও বাট-পথবোৰ জলমগ্ন হৈ থকাত বন্যাৰ্তই যাতায়াতৰ বাবে নাও, কলৰ ভূৰৰ আশ্ৰয় ল'বলগীয়া হৈছে৷

আনহাতে দক্ষিণ কামৰূপৰ ছয়গাঁও, বকো আৰু পলাশবাৰী সমষ্টিৰ চৰাঞ্চল তথা চৰগাঁৱৰ দোপা অঞ্চল (সমতল ঠাইত)ত বসবাস কৰা কিছু পৰিয়ালৰ ঘৰ-দুৱাৰ এতিয়াও জলমগ্ন হৈ আছে৷ ইপিনে অধিকাংশ বানপীড়িত অঞ্চলৰ বাট-পথবোৰ পানীৰ তলতে আছে৷ উল্লেখ্য যে, ভয়াৱহ বানৰ কৱলত পৰা বন্যাৰ্তই এইবেলি পৰ্যাপ্ত চৰকাৰী বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি ভৰ বাৰিষাৰ সময়ত তিনিটা সমষ্টিৰ এলেকাধীন চক্ৰ বিষয়া তথা প্ৰশাসনক নাৱৰ ব্যৱস্থাৰ দাবী জনোৱাৰ পিচতো দক্ষিণ কামৰূপৰ বানাক্ৰান্তক উদ্ধাৰৰ বাবে কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in