অংকত আমি জিকি গ’লো, কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ জিকিবঃ হাগ্ৰামা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অংকত আমি জিকি গলো, নৱ কুমাৰ শৰণীয়া আৰু উৰ্খাও গৌৰা ব্ৰহ্মৰ অংক মিলা নাই, সেয়েহে সিহঁত চুপচাপ। অংকৰে ৰিজাল্ট ওলাই গ'ল, আমি জিকি গ'লো। এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ বাথৌ কমপ্লেক্সৰ আৰনাই ৰেষ্টুৰেণ্টৰ সুবিশাল প্ৰেক্ষাগৃহত আয়োজিত হোৱা বিপিএফৰ দলীয় সভাৰ পিছতেই বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে।

কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টি ক্ৰমে ২৮ নং গোসাঁইগাঁও, ২৯ নং কোকৰাঝাৰ পশ্চিম, ৩০ নং কোকৰাঝাৰ পূৱ, ৩১ নং চিদলী, ৩৩ নং বিজনী, ৪০ নং সৰভোগ, ৪১ নং ভৱানীপুৰ, ৫৮ নং তামোলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰী সমষ্টিত ৫০ হাজাৰকৈ ভোট পালেও চাৰিলাখ হয় যদিও বিপিএফে এইবেলি ৫ লক্ষাধিকৰ ভোট পাই নিৰ্বাচনত জয়যুক্ত হ'ব।

বিপিএফে ৫ লাখৰ তলত ভোট নাপায় বুলি মন্তব্য কৰি মহিলাৰীয়ে নৱ কুমাৰ শৰণীয়াই ৪ লাখ, উৰ্খাও গৌৰা ব্ৰহ্মই ৩ লাখ, কংগ্ৰেছে এক লাখ ভোট পাব বুলি দাবী কৰে। কোকৰাঝাৰ সমষ্টিত ১৪ লাখ ৬০ হাজাৰ ভোটদান হোৱা হেতুকে এইবাৰ ৫ লাখ ভোট পালেই প্ৰাৰ্থী জিকিব আৰু বিপিএফে কমেও ৫ লাখ আৰু অধিকতম ৬ লাখ ভোট পাব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। নৱ কুমাৰ শৰণীয়া আৰু উৰ্খাও গৌৰা ব্ৰহ্মক কটাক্ষ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, তেওঁলোকে অংক কৰিছিল কিন্তু অংক নিমিলাৰ বাবে বৰ্তমান নিশ্চুপ হৈছে। ভোট বিভাজনৰ পৰিণতিতে বিপিএফ জিকিছে বুলি দাবী কৰিছে মহিলাৰীয়ে।

উল্লেখ্য যে, ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত ১০ ৰ পৰা ১২ খন আসনেই বিজেপি মিত্ৰগোটে লাভ কৰিব বুলি দাবী কৰিছে মহিলাৰীয়ে। ইফালে নিৰ্বাচনী ভাগৰ পলুৱাবলৈ ফলাফল ঘোষণাৰ পূৰ্বে আমেৰিকা ভ্ৰমণ কৰি আহিব বুলি মহিলাৰীয়ে সদৰি কৰিছে। আনহাতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মইও নিজৰ বিজয় সন্দৰ্ভত আত্মবিশ্বাসী বুলি মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in