বিজেপি দলৰ অক্সিজেনলৈ বিপিএফ দল জীয়াই থকা নাই – হাগ্ৰামা মহিলাৰী

বিজেপি দলৰ অক্সিজেনলৈ বিপিএফ দল জীয়াই থকা নাই – হাগ্ৰামা মহিলাৰী

ডিজিটেল সংবাদ টংলা : বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ তুংগত । ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা  বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিএডিত বিপিএফ, বিজেপি, ইউপিপিএল আৰু জিএছপিকে ধৰি ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা পৰিলক্ষিত হৈছে । বিপিএফ আৰু বিজেপিৰ নিৰ্বাচনী যুজ তুংগত । বেংবাৰীৰ নিৰ্বাচনী সভাত খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী বনজাৰ দৈমাৰীৰ হৈ প্ৰচাৰ চলাবলৈ আহি গেৰুৱা বসন পিন্ধা বিশ্বজিৎ দৈমাৰীৰ লগতে হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে ।

সদ্য বিপিএফ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা বিশ্বজিৎ দৈমাৰী বিটিচিৰ মানুহেই নহয় ৷ বিশ্বজিৎ গুৱাহাটীতহে থাকে ৷ বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰী বিজেপি দলত যোৱাতো পৰ্বতত কাছ কনী বিচৰাৰ দৰে হৈছে ৷ বিশ্বজিত-ইমানুৱেলৰ সপোন কেতিয়াও পূৰণ নহয় ৷ এই বক্তব্য বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ৷

বেংবাৰীত কেইবা হাজাৰ ৰাইজৰ অংশগ্ৰহণৰে অনুষ্ঠিত গণ সমাবেশত অংশগ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় বিটিচি নিৰ্বাচনত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মানুহ এশজন লাগিলেও, বিটিচিত নিজ ইচ্ছামতে একো কৰিব নোৱাৰে ৷ যদি সাহস আছে বিপিএফ-বিজেপিৰ মিত্ৰতা ভংগ হোৱা বুলি ঘোষণা কৰি আমাৰ তিনিজন মন্ত্ৰীক অসম মন্ত্ৰী সভাৰ পৰা উলিয়াই দেখুৱাক ৷ হিমন্ত বিশ্ব শৰ্মাই যদি হাজাৰ মানুহ সমবেত কৰি গণ সমাবেশ অনুষ্ঠিত কৰে আমিও লাখ লাখ মানুহেৰে জনসমাবেশ পাতি দেখুৱাব পাৰো ৷ কংগ্ৰেছ, বিজেপি আদি আন দলত থাকি হুংকাৰ দি থকাতকৈ নিজে ৰাজনৈতিক দল গঠন কৰি নিজৰ গণভিত্তি আৰু সক্ষমতা প্ৰদৰ্শন কৰাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী ড° শৰ্মাক মুকলি প্ৰত্যাহ্বান জনায় ৷

বিটিচি নিৰ্বাচন দুটা পৰ্যায়ত কিয় চাৰিটা পৰ্যায়ত পাতিলেও কোৰোনা ডাক্তৰ ৰূপী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিপিএফ দলক প্ৰতিহত কৰিব নোৱাৰে ৷ বিজেপিৰ অক্সিজেনলৈ বিপিএফ দল জীয়াই থকা নাই ৷ ২১ৰ বিধান সভা নিৰ্বাচনত বিজেপি দলে বিপিএফৰ অক্সিজেন কোনে লয় দেখা যাৱ বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত ড° হিমন্ত বিশ্ব শৰ্মাই মোৰ সহযোগত মন্ত্ৰী পদ লাভ কৰিছিল বুলি হাগ্ৰামা মহিলাৰীয়ে উনুকিয়াই কয় বিশ্বজিত-ইমানুৱেলৰ বিজেপিত যোগদানে বিপিএফ দলৰ কোনো ক্ষতি নকৰে ৷

বিপিএফ নেতা প্ৰেমধৰ বড়োৰ সঞ্চালনাত অনুষ্ঠিত গণসমাবেশত হাগ্ৰামা মহিলাৰীয়ে আন এক প্ৰসংগত কয় বিপিএফ দলে চৰকাৰ গঠনৰ পিছতে বিটিচিবাসী ৰাইজক নিজ নিজ ৰাজহ চক্ৰৰ জৰিয়তে মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা হ'ব ৷ ওদালগুৰি জিলাত বিটিচিৰ ৪০ টা বিভাগৰ যিমানবোৰ পদ খালী আছে, সেই পদসমূহত নিজৰ জিলাৰ প্ৰাৰ্থীকহে নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো বুলি প্ৰকাশ কৰে ৷ বিটিএডিৰ সত্ৰ, মন্দিৰ, মছজিদ গীৰ্জা আদিকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহক বড়োলেণ্ড আইনা নামৰ আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ'ব ৷

বিটিএডিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ বাবে বাবে সুকীয়া সুকীয়াকৈ উন্নয়ন পৰিষদ গঠন কৰা হ'ব বুলি ব্যক্ত কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ চলাই জনসাধাৰণক বিপথে পৰিচালিত কৰি আহিছে বুলি অভিযোগ কৰি ইউপিপিএল দলৰ চলাহি আৰু ভূৱা প্ৰতিশ্ৰুতিৰ মায়াজালত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায় ৷ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বনজাৰ দৈমাৰীয়ে উদ্বোধনী ভাষণ আগবঢ়াই ইউপিপিএল দলে নিৰ্বাচনী প্ৰচাৰৰ বাবে পদযাত্ৰা উলিওৱাৰ নামত ছাগলী চোৰ কৰা বুলি অভিযোগ কৰে ৷ দলটোৱে চৰকাৰ গঠন নকৰোতেই পথৰ পৰা ৰাইজৰ ছাগলী চোৰ কৰি নিজৰ চৰিত্ৰই উদঙাই দিছে বুলি প্ৰকাশ কৰে ৷

হাগ্ৰামা মহিলাৰ কাৰ্যকালত বিটিএডিত সকলো জাতি-জনগোষ্ঠীৰ ৰাইজে মিলাপ্ৰীতিৰে সকলো দিশত উন্নয়ন, সম অধিকাৰ আৰু সমবিকাশৰ দিশত সমাজ আগবাঢ়িছে বুলি প্ৰকাশ কৰি চতুৰ্থবাৰৰ বাবে বিটিচি পৰিষদত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ চৰকাৰ গঠন কৰাৰ বাবে ৰাইজক আহ্বান জনায় ৷ সভাত মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিপিএফ দলৰ মুৰবী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিএডি অঞ্চলত শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ ধাৰা অব্যাহত আছে ৷ উন্নয়নৰ ধাৰা অব্যাহত থকা পৰিষদীয় অঞ্চলটোত অশান্তি বিয়পোৱাৰ কুঅভিসন্ধিৰে বিপিএফ দলৰ নেতাসকলৰ বিৰুদ্ধে বিভিন্ন কুৎসা ৰচনা কৰিছে ৷ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিক কেন্দ্ৰ কৰি বিভিন্ন ব্যাখ্যা আগবঢ়াই আহিছে ৷ যদিও বিটিআৰ চুক্তিকাৰী বহুনেতাই চুক্তিখনত সন্নিবিষ্ট বিষয়ক লৈ নিজে অনুশোচনাত ভূগিছে ৷


বিপিএফ দল একমাত্ৰ দল যিদলে ধৰ্ম নিৰপেক্ষ নীতি পালন কৰি সকলো জাতি-ধৰ্মৰ ৰাইজে মিলাপ্ৰীতিৰে বিটিএডিৰ উন্নয়নৰ ধাৰা বিপিএফ দলে আগবঢ়াই নিছে ৷ ইউপিপিএল দলে পৰিবৰ্তনৰ কথা কৈ ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাই আহিছে ৷ সদ্য পদত্যাগী বিপিএফ নেতা বিশ্বজিত দৈমাৰী আৰু ইমানুল মুছাহাৰীয়ে যি সপোন লৈ বিজেপি দলত যোগদান কৰিছে কেতিয়াও সফল নহয় ৷

নেতাদ্বয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰিলে বুলি মন্তব্য কৰি বিটিচি সৃষ্টি কৰ্তা হাগ্ৰামা মহিলাৰীৰ হাত শক্তিশালী কৰাৰ বাবে খালিংদুৱাৰ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী বনজাৰ দৈমাৰীৰ লগতে ওদালগুৰি জিলাৰ দহটা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীক জয়ী কৰি বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চতুৰ্থ বাৰলৈ চৰকাৰ গঠনৰ সুযোগ দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ৷ সভাত
সুপ্ৰিয়াৰানী ব্ৰহ্ম, বিধায়কদ্বয় কমলী বসুমতাৰীআৰু মহেশ্বৰ বড়ো, হৰিশিঙা পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ত্ৰিদীপ দৈমাৰী আদি উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in